হাটশিঙিমাৰী : হাটশিঙিমাৰীত সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন। উদ্বোধনী খেলখনত মানকাচৰ মহাবিদ্যালয় ফুটবল দলৰ হাতত ১-০ গ’লত পৰাস্ত হয় দক্ষিণ শালমাৰা মহাবিদ্যালয় ফুটবল দল। দক্ষিণ শালমাৰা মানকাচৰ জিলা নিৰ্বাচনী বিষয়াৰ নেতৃত্বত জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হয়।
সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতা উপলক্ষে অনুষ্ঠিত হোৱা শুভ উদ্বোধন অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুম উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে নিৰ্বাচনী বিষয়া ভিবাছ মেধী, জিলা সহকাৰী আয়ুক্তা কৃতাঞ্জলী কাশ্যপ উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত দক্ষিণ শালমাৰা মহাবিদ্যালয় আৰু মানকাচৰ মহাবিদ্যালয় ফুটবল দলৰ মাজত সজাগতা ভোটাৰ প্ৰতিযোগিতাৰ প্ৰথম খেলখন অনুষ্ঠিত হয়।
লগতে পঢ়ক : আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
এই খেলখনত মানকাচৰ মহাবিদ্যালয় ফুটবল দল দক্ষিণ শালমাৰা মহাবিদ্যালয় ফুটবল দলক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতীয়ে যাতে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰে তাৰ বাবে এই সজাগতা ভোটাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।