গোলাঘাট : উজনি অসমৰ আয়ুক্ত তথা ভোটাৰ তালিকাৰ পৰ্যবেক্ষক সিদ্ধাৰ্থ সিঙে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয়। সভাত আয়ুক্তগৰাকীয়ে ৰাজনৈতিক দলসমূহক প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে বুথ পৰ্যায়ৰ এজেন্ট চমুকৈ বি এল এ নিয়োগ কৰিবলৈ আহ্বান জনায়।

বি এল এ নিয়োগৰ জড়িয়তে এজনো যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নপৰে সেয়া সুনিশ্চিত কৰিব পৰা যায়। তেওঁ লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান “হৰ ঘৰ দস্তক” সফল কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহক প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত বি এল এ সকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি প্ৰশাসনক সহায় কৰিব পাৰে বুলি মন্তব্য কৰে।

লগতে পঢ়ক :  পুখুৰীৰত পৰিল পাঁচটা বনৰীয়া হাতী

সভাত অংশ লোৱা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিজ নিজ দলৰ বি এল এ নিয়োগ কৰাৰ লগতে প্ৰতিষেধক প্ৰদান অভিযানত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই আৰু বিজেপি, অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল। ইয়াৰ পূৰ্বে আয়ুক্তগৰাকীয়ে কুৰালগুৰি, ৰহধলা আদি কেইবাটাও স্থানত ছটা ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন কৰি বি এল অ’সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply