কামৰূপ নিৰ্বাচনী জিলাত অৰ্থাৎ বকো, ছয়গাঁও, পলাশবাৰী আৰু হাজো সমষ্টি মিলি ৭,২১৪গৰাকী ভোটাৰে নতুনকৈ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিছে৷ আজিৰ তাৰিখত কামৰূপ নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ৭,৭৫,১৫০গৰাকী হৈছেগৈ।

ইয়াৰে ৩,৯১,৪৩৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৩,৮৩,৭১৬ গৰাকী মহিলা ভোটাৰ৷ আনহাতে সমষ্টি ভিত্তিত চালে এতিয়ালৈ বকো সমষ্টিত সৰ্বাধিক ২,৩৯,৭৮২ গৰাকী ভোটাৰ তালিকাভুক্ত হোৱাৰ বিপৰীতে পলাশবাৰীত সৰ্বনিম্ন ১,৫৯,৮৭৫গৰাকী ভোটাৰ তালিকাভুক্ত হৈছে৷ ২০২১ বৰ্ষৰ সংশোধনী তালিকাৰ তুলনাত এইবছৰৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত ০.৯৪ শতাংশ ভোটাৰ বৃদ্ধি হৈছে৷

আনহাতে জিলাখনত কোভিড-১৯ৰ সংক্ৰমণৰ হাৰ বছৰৰ আৰম্ভণিতে হঠাতে প্ৰায় ৭০গৰাকীলৈ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত গৰাকীয়ে কয় সংখ্যাৰ জোখেৰে ই চিন্তনীয় যদিও এই বৃদ্ধি কেবল ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত (IIT) হোৱা বাবে হৈছে।

ৰাইজ আতংকিত হ’ব নালাগে৷ কিন্তু সাৱধানতা অৱলম্বন কৰাটো সকলোৰে বাবে অপৰিহাৰ্য৷ তেওঁ ১৫-১৮ বছৰৰ ল’ৰা-ছোৱালীসকলক প্ৰতিষেধক প্ৰদানৰ বাবে যোৱা ৩জানুৱাৰীৰ পৰা আৰম্ভ কৰা টিকাকৰণ কাৰ্যসূচীৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি অহা ৯ জানুৱাৰীৰ ভিতৰত প্ৰথম পালি টিকা সম্পূৰ্ণ কৰাৰ বাবেও সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷

লগতে পঢ়ক- ইউ পি এছ চি পৰীক্ষাত দুই অসম সন্তানৰ কৃতিত্ব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply