গুৱাহাটী : গুৱাহাটী পৌৰনিগম নিৰ্বাচন,২০২২ ৰ আজি চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড° ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিৰ্বাচন বিষয়া শেখৰণ ফুকনে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত আনুষ্ঠানিকভাৱে গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ চুড়ান্ত ভোটাৰ তালিকাখন মুকলি কৰে।
অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সভাত ব্যক্ত কৰে যে খছৰা ভোটাৰ তালিকাতকৈ চুড়ান্ত ভোটাৰ তালিকাত ২,১১২ জন অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়। মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হবলগীয়া এই পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৭,৮০৭ জন। ইয়াৰে ৩,৯৭,১২৮ জন পুৰুষ ভোটাৰ, ৪,০০৬৫৪ জন মহিলা ভোটাৰ আৰু ২৬ জন তৃতীয় লিঙ্গৰ ভোটাৰ।
আনহাতে, ভোটদান অনুষ্ঠিত কৰা হ’ব মুঠ ৭৮০ টা ভোটকেন্দ্ৰত। সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চুড়ান্ত ভোটাৰ তালিকাখন উপায়ুক্তৰ আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হ’ব।