গুৱাহাটী : ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাবলগীয়া চুড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ নিৰ্বাচন জিলাত ভোটাৰ তালিকাৰ খচৰাৰ পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত ব্যাপক উদ্যোগ গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে জিলাখনত অহা ১৩ নৱেম্বৰ, ১৪ নৱেম্বৰ, ২১ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত গ্ৰহণ কৰা বিশেষ অভিযানৰ লগত সংগতি ৰাখি শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰছন হলত অনুষ্ঠিত কৰা এখন সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে অংশগ্ৰহণ কৰে।

জিলা নিৰ্বাচনী বিষয়া বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড৹ ধ্ৰুৱ হাজৰিকা, ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া ভাস্কৰজ্যোতি হাজৰিকাৰ উপৰি ই আৰ অ’, এ ই আৰ অ’, বি এল অ’ আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থকা এই সভাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খচৰা ভোটাৰ তিলিকাৰ সংশোধন আৰু ন ভোটাৰৰ নাম অন্তৰ্ভুক্তকৰণৰ বিষয়ত বিস্তৃতভাৱে আলোকপাত কৰে। ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকসকলৰ লগতে বিভিন্ন বিষয়ত মত বিনিময় কৰে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে। সভাত ভাষণ প্ৰদান কৰি তেওঁ সকলো ভোটাৰকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা ব্যক্তিসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাই কয় যে সকলো ভোটাৰে ভোটপ্ৰদানত অংশগ্ৰহণ কৰি সৰ্বাধিক ভোট সাব্যস্ত কৰা ৰাজ্য হিচাপে অসমক দেশৰ মানচিত্ৰত স্হাপন কৰিবলৈ চেষ্টা চলাব লাগে।

লগতে পঢ়ক :  ৰূপহীহাটৰ বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনা

ভোটাৰ তালিকাত কিবা সংশোধনী থাকিলে বা নাম অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত অনলাইন অথবা অফলাইন পদ্ধতি ব্যৱহাৰ কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। ভোটাৰ তালিকাৰ খচৰা সংশোধনীৰ লগত সংগতি ৰাখি এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত। উল্লেখ্যযোগ্য যে ইয়াৰ আগতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়, বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়, ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদি ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ভোটাৰ খচৰা তালিকা প্ৰদৰ্শনৰ বাবে কেন্দ্ৰসমূহত কেনেধৰণৰ ব্যৱস্থা লৈছে তাৰো বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply