জনীয়া – অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ। ৰাজনৈতিক দলৰ নেতা সকল ভোট ভিক্ষাৰ বাবে ৰাইজৰ কাষ চপাৰ সময় আহি পৰিছে। যোৱা পাঁচ বছৰে টোপনি মাৰি পাৰ কৰা বিধায়ক সকলৰ চকুত এতিয়া টোপনি নাই। পাঁচ বছৰে টোপনি যোৱা বিধায়ক সকলক এইবাৰ ভোটৰ জৰিয়তে উচিত শিক্ষা দিয়াৰ বাবে প্ৰস্তুত ভোটাৰ ৰাইজ।

বিধানসভা নিৰ্বাচনৰ সন্মুখত আৰু মাত্ৰ কেইটামান দিন বাকী।উন্নয়ণৰ শ্ল’গান লৈ জনতাৰ কাষলৈ যাব নেতা সকল কিন্তু ৰাইজেও ৰৈ আছে নেতা সকলক উচিত শিক্ষা দিবলৈ। ৰাইজৰ ভোটত বিজয়ী হৈ ৰাইজৰ সমস্যালৈ পিঠি দিয়া জন প্ৰতিনিধিক এইবাৰ উচিত শিক্ষা দিবলৈ সাজু জনীয়াৰ ৰাইজ।

বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ এটি অতি গুৰুত্বপূৰ্ণ পথ। পথটোৰ ওপৰত থকা অতিকৈ জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জলাকলা খুৱাইছে ৰাইজক। স্বাধীনতাৰ ৭৪ বছৰ পিছতো ৰাইজে জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে যাতায়ত কৰিব লগা হৈছে টাপেশ্বৰা, আদিতপুৰ অঞ্চলৰ ৰাইজে। বিগত সময়ছোৱাত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো উন্নত নহ’ল পথটোৰ অৱস্থা।

নিৰ্বাচন আহিছে গতিকে এইবাৰ জনপ্ৰতিনিধিক ভোটৰ জড়িয়তে উচিত উত্তৰ দিবলৈ প্ৰস্তুত হৈছে ৰাইজ। দৈনিক শ শ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে যাতায়ত কৰা পথটো বানপানীৰ সময়ত কালভাৰ্ট ভাঙি যোৱাৰ ফলত সৃষ্টি হৈছে এক বিপদজনক পৰিস্থিতিৰ। এ আই ইউ ডি এফ দলৰ স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ ফলত এই বেলি ভোটৰ জৰিয়তে উচিত জনপ্ৰতিনিধিজনক শিক্ষা দিবলৈ সাজু হৈছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply