গুৱাহাটী: আজি এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়।
উপ ৰাষ্ট্ৰপতি গৰাকীয়ে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত প্ৰজ্ঞা প্ৰৱাহৰ দ্বাৰা অনুষ্ঠিত ‘লোকমন্থন’ অনুষ্ঠান উদ্বোধন কৰিব।
উক্ত অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব।
ধানখড়ে কামাখ্যা মন্দীৰ দৰ্শন কৰাৰ লগতে আৱেলিটো ৰাজভৱনত থাকি সন্ধিয়ালৈ নতুন দিল্লীলৈ উভতি যাব।
লগতে পঢ়ক – ইডিৰ দ্বাৰা ট্ৰেন্স অৰুণাঞ্চল হাইৱে ক্ষতিপূৰণৰ গোচৰত তদন্ত