অহা এমাহৰ ভিতৰত চাৰিজনকৈ ভিভিআইপি অসমলৈ আহিব। ইয়াৰ বাবে সাজু হৈছে ৰাজ্য প্ৰশাসন। ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিফু আৰু ডিব্ৰুগড়ত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী।
অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৭ খন কেঞ্চাৰ হাস্পতালৰ শুভ উদ্বোধন কৰিব ডিব্ৰুগড়ৰ পৰাই ভাৰ্ছুৱেলী কেন্সাৰ হাস্পতাল সমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। টাটা ট্ৰাষ্ট্ৰ আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত নিৰ্মাণ কৰা চিকিৎসালয় কেইখন উদ্ধোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে সেইদিনা ডিব্ৰুগড়ৰ খনিকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত এক জনসভাতো অংশগ্ৰহণ কৰিব।
আনহাতে দুদিনীয়া ভ্ৰমণসূচীৰে ২ আৰ ৩ মে’ত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। তামুলপুৰত অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ।
ইয়াৰ লগতে অহা ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ৰাজনাথ সিঙৰ গুৱাহাটী ভ্ৰমণক লৈ ৫ গৰাকী শীৰ্ষ বিষয়াক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ দিগন্ত বৰা, দেৱ কুমাৰ মিশ্ৰ, এম এছ মনিভান্নান, বিষ্ণু কমল বৰা আৰু লয়া মাড্ডুৰীক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে মে মাহত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ৯ আৰু ১০ মে’ত অসমত থাকিব অমিত শ্বাহ ৷ গুৱাহাটী, দক্ষিণ শালমাৰা আৰু তামুলপুৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী।চাৰিগৰাকীকৈ ভি ভি আই পিক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।