YouTube video

গুৱাহাটী : ৱাকাফ বৰ্ডত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ দীর্ঘদিনীয়া। ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ বিষয়া কৰ্মচাৰীয়ে ৱাকাফ বৰ্ডৰ সম্পত্তি লুটিপুতি খাইছে। কংগ্ৰেছৰ দিনৰে পৰা ৱাকাফ বৰ্ডক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ লোকে। কংগ্ৰেছৰ দিনত ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ লোকে বৰ্ডখনৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই অভিযোগৰ তদন্ত আজিলৈকে হোৱা নাই।

২০১৬ ত ১৫ বছৰীয়া কংগ্ৰেছ দলৰ শাসনৰ পৰিসমাপ্তি ঘটাই শাসনলৈ আহিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো সৰ্বানন্দ সোণোৱালে ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ কোনো তদন্ত নকৰিলে।

ৱাকাফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নেকিবুৰ জামানে ৱাকাফ বৰ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰি কয় যে “প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্ত দাবী জনাইছিলোঁ। এইক্ষেত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তদন্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি বাস্তৱ ক্ষেত্ৰত পূৰ্ণ নকৰিলে”। অৱশ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তদন্ত কৰিব বুলি আশাবাদী প্ৰাক্তন অধ্যক্ষ গৰাকী।

ইয়াৰ মাজতে বৃহস্পতিবাৰে আশ্রফল আলী নামৰ এজন যুৱকে ৱাকাফ বৰ্ডত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনায়। আশ্রফল আলীয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত ৱাকাফ বৰ্ডৰ দুৰ্নীতি তদন্তৰ দাবীত এক গোচৰ ৰুজু কৰে। আশ্রফল আলীয়ে অতি শীঘ্ৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক : মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল এজন লোকৰ ঘৰ

ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ উন্নয়নৰ বাবে গঠন কৰা ৱাকাফ বৰ্ডৰ কাৰ্যকলাপ সন্দৰ্ভত বিভিন্ন অভিযোগ আছে যদিও এই বৰ্ডখনলৈ যে বৰ্তমানৰ বিজেপি চৰকাৰখনৰো কোনো ধৰণৰ গুৰুত্ব নাই ইয়াৰ স্পষ্ট প্ৰমাণ হৈছে বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা অধ্যক্ষবিহীন ভাৱে চলি আছে ৱাকাফ বৰ্ড। ২০১৭ চনত নেকিবুৰ জামানৰ কাৰ্যকাল সমাপ্তি ঘটাৰ পিছৰে পৰা বৰ্তমানালৈকে ৱাকাফ বৰ্ডৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply