গুৱাহাটীঃ অসমৰ ১৪০০০ৰো অধিক দুগ্ধ উৎপাদকৰ এক সংস্থা “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)”ৰ মালিকানাধীন ব্ৰেণ্ড পূৰবী ব্ৰেণ্ডৰ অধীনত অধিক সংখ্যক উৎপাদকক দুগ্ধ সংস্থাপনলৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে APART-ৰ অধীনত এক প্ৰচেষ্টা হিচাপে এক এফএম ৰেডিঅ’ অভিযান আৰম্ভ কৰা হৈছে।
বিশ্ব বেংকৰ পুঁজিযুক্ত অসম চৰকাৰৰ APART প্ৰকল্পৰ অধীনত আনুষ্ঠানিক দুগ্ধ মূল্য শৃংখলাৰ অন্তিম ৰূপায়ণকাৰী সংস্থা হিচাপে ‘ৱামূল’ অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়ে এই অভিযানটো আৰম্ভ কৰিছে।
পূৰবী ডেইৰীয়ে ইয়াৰ দুগ্ধ উৎপাদক সকলৰ সৈতে বজাই ৰখা সদিচ্ছা আৰু বিশ্বাসৰ ওপৰত আধাৰিত কৰি সম্পৰ্কটো শক্তিশালী কৰিবলৈ এই ৰেডিঅ’ অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ জৰিয়তে দুগ্ধ সমবায়ৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যত অধিক দুগ্ধ উৎপাদকৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে বিশ্ব বেংকে কেনেদৰে অসম চৰকাৰৰ APART প্ৰকল্পৰ বাবে বিত্তীয় যোগান ধৰে কৃষকসকলক আত্মনিৰ্ভৰশীলতা প্ৰাপ্ত কৰাত সহায় কৰে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে এক সম্প্ৰসাৰিত বজাৰ প্ৰদান কৰে এই তথ্যসমূহৰ ওপৰত আলোকপাত কৰা। পূৰবী ডেইৰীয়ে তিনিটা ৰেডিঅ’ জিংগল মুকলি কৰিছে।
পূৰবী ডেইৰীৰ সহযোগিতাৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলেও কেনেকৈ নিজৰ চহৰ বা গাওঁ এৰি নোযোৱাকৈ জীৱিকাৰ পথ বাচি ল’ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জিংগলকেইটা বনোৱা হৈছে।
এই অভিযানটো যথেষ্ট জনপ্ৰিয় হৈছে লগতে দুগ্ধ খেতিয়ক আৰু গ্ৰাহকসকলে যথেষ্ট সঁহাৰিও লাভ কৰিছে।
আনহাতে দুগ্ধ উৎপাদকৰ উপাৰ্জন বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে (NDDB) ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ মিনি মিছন-১ৰ অধীনত এক বৈজ্ঞানিক মৌপালন প্ৰশিক্ষণ কাৰ্যসূচীৰ ৰূপায়ণ কৰে।

পূৰবী ডেইৰী নামেৰে জনাজাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডক NDDBয়ে কৃষক উৎপাদক সংস্থা (FPO) গঠন আৰু ভাৰত চৰকাৰৰ কৃষক উৎপাদক সংগঠন আঁচনিৰ অধীনত মৌ গোটৰ বিকাশৰ বাবে ক্লাষ্টাৰ আধাৰিত ব্যৱসায় সংস্থা হিচাপে তালিকাভুক্ত কৰিছে।
এই প্ৰকল্পটোৱে কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত ”ৱামূলৰ” হাজোৰ কাৰ্যকৰী এলেকাবোৰত মৌ পালনকাৰী গোট সৃষ্টি কৰাৰ পৰিকল্পনা হাতত লৈছে।