নিউজ ডেস্ক : ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ স্মৰণত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ যুৱ মনক শক্তিশালী কৰাৰ অৰ্থে ঘোষণা কৰিছে এক বিশেষ আঁচনি।

তেওঁলোক বিভিন্ন বিষয়ত যেনে কল্পকাহিনী, প্ৰবন্ধ, ভ্ৰমণকাহিনী, স্মৃতিগ্ৰন্থ, নাটক, কবিতা আদি লিখাত দক্ষ হ’ব লাগিব। সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ জৰিয়তে নেচনেল বুক ট্ৰাষ্টৰ দ্বাৰা গঠন কৰিব লগা এখন সমিতিৰ দ্বাৰা মুঠ ৭৫গৰাকী লেখকক বাছনি কৰা হ’ব।

লগতে পঢ়ক : চাকৰি! ভাৰতীয় সেনা বাহিনীত নিযুক্তি মুকলি

প্ৰধান মন্ত্ৰীৰ য়ুবা আঁচনি (PM’s YUVA Scheme) নামৰ নতুনকৈ আৰম্ভ কৰা এই আঁচনি মূলতঃ নতুন লেখকসকলক উৎসাহিত কৰাৰ বাবে। এই আঁচনিত ৩০ বছৰৰ তলৰ নতুন লেখকে অংশ ল’ব পাৰিব।

প্ৰতিযোগীসকলে পৰামৰ্শ আঁচনিৰ অধীনত তেওঁলোকৰ দক্ষতাৰ প্ৰমাণ হিচাপে ৫০০০ শব্দৰ গ্ৰন্থৰ পাণ্ডুলিপি দাখিল কৰিব লাগিব। প্ৰতিযোগিতাখন mygov.in পৰ্টেলত আয়োজন কৰা হৈছে। ইয়াত অংশ ল’বলৈ https://innovateindia.mygov.in/yuva/ ভিজিট কৰক।

৪ জুনৰ পৰা আৰম্ভ কৰা এই প্ৰতিযোগিতা ৩১ জুলাইলৈকে চলিব।

নিৰ্বাচিত লেখকসকলৰ নাম ২০২১ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে ঘোষণা কৰা হ’ব। নিৰ্বাচিত লেখক সকলক প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ ৬ মাহত ৩ লাখ টকা প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply