গুৱাহাটীঃ ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ। ইতিমধ্যে ৱাকাফ বৰ্ডত সংঘটিৰ হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে ৱাকাফ বৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল এজন যুৱক। যুৱকজনে ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবীত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰিছিল এক গোচৰ।
ৱাকাফ বৰ্ডত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ দীর্ঘদিনীয়া। ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ বিষয়া কৰ্মচাৰীয়ে ৱাকাফ বৰ্ডৰ সম্পত্তি লুটিপুতি খাইছে। কংগ্ৰেছৰ দিনৰে পৰা ৱাকাফ বৰ্ডক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ লোকে। কংগ্ৰেছৰ দিনত ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ লোকে বৰ্ডখনৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই অভিযোগৰ তদন্ত আজিলৈকে হোৱা নাই।
ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী ইতিমধ্যে বহু লোকে জনাইছে যদিও শেহতীয়াকৈ আশ্রফ আলী নামৰ এজন যুৱক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত ৱাকাফ বৰ্ডৰ দুৰ্নীতিৰ তদন্তৰ দাবীত যোৱা ১৮ নৱেম্বৰত এক গোচৰ ৰুজু কৰিছিল। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত আশ্রফ আলী নামৰ যুৱকজনে দুৰ্নীতি সন্দৰ্ভত দাখিল কৰা বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰি তদন্তৰ বাবে আগবাঢ়িছে দুৰ্নীতি নিবাৰক শাখা।
লগতে পঢ়কঃসাৱধান! ৰাজ্যত এতিয়া কভিডৰ তৃতীয় ঢৌৰ সংহাৰী ৰূপ
২০১৬ ত ১৫ বছৰীয়া কংগ্ৰেছ দলৰ শাসনৰ পৰিসমাপ্তি ঘটাই শাসনলৈ আহিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো সৰ্বানন্দ সোণোৱালে ৱাকাফ বৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ কোনো তদন্ত নকৰিলে। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ উন্নয়নৰ বাবে গঠন কৰা ৱাকাফ বৰ্ডৰ কাৰ্যকলাপ সন্দৰ্ভত বিভিন্ন অভিযোগ আছে যদিও এই বৰ্ডখন অধ্যক্ষবিহীন ভাৱে চলি আছে। ২০১৭ চনত নেকিবুৰ জামানৰ কাৰ্যকাল সমাপ্তি ঘটাৰ পিছৰে পৰা বৰ্তমানলৈকে ৱাকাফ বৰ্ডৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই।