নিউজ ডেস্ক : সীমা সমস্যাক লৈ কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত যোৱা দুদিনৰ পৰা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। বুধবাৰে পৰিস্থিতি অধিক অৱনতি ঘটাৰ লগতে দুয়োখন ৰাজ্যৰ নিৰাপত্তা বাহিনী সংঘাতত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে।
উল্লেখযোগ্য যে মঙলবাৰে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰিভই জিলাৰ এখন গাঁৱত অসম আৰক্ষীৰ জোৱানে চুবুৰীয়া ৰাজ্যখনৰ দুজন যুৱকক মাৰপিট কৰাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছত বুধবাৰে মেঘালয়ৰ লোকে কাৰ্বি আংলঙৰ উমলাফেৰ অঞ্চলৰ সমীপলৈকে ‘বল প্ৰয়োগেৰে’ সোমাই আহিবলৈ চেষ্টা চলোৱাত পৰিস্থিতি অধিক বেয়া হৈ পৰে আৰু উক্ত লোকসকলক কাৰ্বি আংলং আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত দুয়োখন ৰাজ্যৰ নিৰাপত্তা বাহিনী তৰ্কাতৰ্কিত লিপ্ত হয়।
পিছত আৰক্ষী বিষয়া উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত আলোচনাত বহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে মঙলবাৰে ঘটা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছতে অসম আৰক্ষীয়ে উমলাফেৰত থকা আৰক্ষীৰ অস্থায়ী শিবিৰটো তাৰ পৰা আঁতৰাই নিয়ে।
মঙলবাৰে অসম আৰক্ষীৰ প্ৰহাৰত মেঘালয়ৰ দুজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজন যুৱকে কোনোমতে নিজক বচাই তাৰ পৰা পলায়ন কৰিছিল।
যুৱক তিনিজনে সেই সময়ত মাউলাছনাইৰ পৰা নিজৰ ঘৰলৈ গৈ আছিল।
উক্ত ঘটনাৰ পিছতে অঞ্চলটোৰ স্থানীয় লোকে অসম আৰক্ষীৰ বিৰুদ্ধে ৰাস্তালৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : অসম আৰক্ষীয়ে মেঘালয়ৰ যুৱকক প্ৰহাৰ কৰাকলৈ উত্তপ্ত পৰিস্থিতি