গুৱাহাটী : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৃহস্পতিবাৰে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জল জীৱন মিছনৰ সৈতে জড়িত বিষয়াসকল তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে এক সভাত মিলিত হৈ মিছনৰ অধীনত জিলা সমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত ‘ফ্ৰেমা’ৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে জিলা সমূহত জলজীৱন মিছনৰ অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনি সমূহৰ কামকাজৰ বিষয়ে বিতংভাৱে বুজ লয়।
জিলাসমূহত জলজীৱন মিছনৰ অধীনৰ আঁচনি তথা প্ৰকল্প সমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক সভাত কাৰ্যবাহী অভিযন্তা সকলে অৱগত কৰে। উল্লেখযোগ্য যে জলজীৱন মিছনৰ অধীনত এতিয়ালৈ ৰাজ্যখনৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ পাইছে। চলিত জুলাই মাহৰ ভিতৰতে আৰু ৯০ হাজাৰ পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিব। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ মাজত বিশুদ্ধ খোৱাপানীৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
লগতে পঢ়ক : ক’ভিডৰ তাণ্ডৱৰ মাজতে কেৰেলাত আগমন ঘটিল জীকা ভাইৰাছৰ
মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা ল’বলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে। সভাত মন্ত্ৰী গৰাকীয়ে আগন্তুক দিনত জলজীৱন মিছনৰ অধীনত ৰূপায়িত হ’বলগীয়া আঁচনি সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, আয়ুক্ত সচিব আকাশদ্বীপ আৰু মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস উপস্থিত থাকে।