গোৰেশ্বৰঃ ভাৰত-ভূটান সীমান্তৰ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী পানেৰী বিধান সভা সমষ্টিৰ ওদালগুৰি জিলাৰ ৩ নং ৰাজাগড় অঞ্চলত বছৰ বছৰ ধৰি খোৱা পানীৰ সমস্যাত ভুগিছে গঞা ৰাইজে ।

ভূগৰ্ভৰ পানীৰ স্তৰ বহু তলত হোৱা হেতুকে বৃহত্তৰ অঞ্চলটোত খোৱাপানীৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগিছে ৰাইজে। দূষিত পানীকে সেৱন কৰি চলিব লগা হৈছে শিশুৰ পৰা বৃদ্ধলৈ। ইয়াৰ ফলত বিভিন্ন ধৰণৰ ৰোগতো ভুগিব লগা হৈছে পুৰুষ মহিলা শিশু সকলো।

আৰু পঢ়কঃদক্ষিণ শালমাৰাৰ বন্ধিহানাত ব্ৰহ্মপুত্ৰ নদীত নাওঁ ভৰ্তি চোৰাং চাউল জব্দ

কিন্তু ইয়াৰ পিছতো কাণ সাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ। ইয়াৰ পূৰ্বৰ বিধায়িকা কমলী বসুমতাৰীয়ে অঞ্চলটোৰ খোৱাপানীৰ সমস্যা সমাধানৰ একো ব্যৱস্থা নকৰিলে বুলি অভিযোগ ৰাইজৰ।

গাওঁবাসীয়ে মাটিত সৰুকৈ গাঁত খান্দি তাত নিগৰি অহা পানীকে সংগ্ৰহ কৰিব লগা হয়। খোৱাপানীয়ে নহয় আনকি গা-ধোৱা ,কাপোৰ ধোৱা পানীৰ বাবেও সমস্যা ৰাইজৰ।

এই সমস্যা সমাধানৰ বাবে কোনো জনপ্ৰতিনিধিয়ে আজিলৈ বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই। বৰ্তমান পানেৰী সমষ্টিৰ পৰা জয় লাভ কৰা বিজেপিৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক স্থানীয় ৰাইজে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply