উমৰাংছুত থকা নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ সংঘটিত হৈছে। উমৰাংছুৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত শনিবাৰে সংঘটিত হয় এই জল বিস্ফোৰণ ৷ প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপ বিস্ফোৰণৰ ফলতেই অঞ্চলটো জলমগ্ন হৈ পৰে।৫ কি: মি: অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ বিস্ফোৰণক লৈ আতংকিত অঞ্চলবাসী।
যোৱা তিনিদিন ধৰি ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলতেই নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় এই জল বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ পাচতেই অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ ফলত উদ্ধাৰ অভিযানতো কিছু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, বিগত ২০১৯ চনৰ অক্টোবৰ মাহত উমৰাংছুৰ নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল অঘটন ৷ নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পাইপ লাইনত হোৱা বিস্ফোৰণত প্ৰকল্পটোৰ চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছিল । সেই পানীয়ে গোলাঘাট জিলাৰো বিস্তৃৰ্ণ অঞ্চল বুৰাই পেলাইছিল।