হাটশিঙিমাৰী : হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত ১০০ টা অনুসূচিত জাতিৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ। অহা দুদিনৰ ভিতৰত মুঠ ৩৭৬ গৰাকী এনে অনুসূচিত জাতিৰ হিতাধিকাৰীক ফিল্টাৰ বিতৰণ কৰা হ’ব।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত জিলাখনৰ অধীনত থকা মুঠ ১০০ টা অনুসূচিত জাতিৰ পৰিয়ালৰ হিতাধিকাৰীলৈ এখনকৈ বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰা হয়। মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ মুঠ ১০০ টা পৰিয়ালৰ হিতাধিকাৰীলৈ ফিল্টাৰ বিতৰণ কৰা হয়।

অহা দুইদিনৰ ভিতৰত কাৰ্যালয়খনে মুঠ ৩৭৬ গৰাকী এনে অনুসূচিত জাতিৰ হিতাধিকাৰীক ফিল্টাৰ বিতৰণৰ কাৰ্যসূচী হাতত লৈছে। এই ফিল্টাৰ বিতৰণ কাৰ্যসূচীত মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ জেষ্ঠ সহায়ক অমিত্য চন্দ্ৰ মণ্ডল আৰু বানেশ্বৰ বছমুতাৰী উপস্থিত থাকি ফিল্টাৰ সমূহ হিতাধিকাৰীক বিতৰণ কৰে।

লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তত বিএছএফ জোৱানৰ ফিট ইণ্ডিয়া ফ্ৰিডম ৰান

ফিল্টাৰ লাভ কৰা হিতাধিকাৰী শিৱানী শিল এই বিশুদ্ধ খোৱা পানীৰ চৰকাৰী ফিল্টাৰ লাভ কৰি সন্তষ্টি লাভ কৰা বুলি মত প্ৰকাশ কৰে। আনহাতে ফিল্টাৰ বিতৰণ কৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ট সহায়ক অমিত্য চন্দ্ৰ মণ্ডলে কয় যে অনাগত দিনত এই কাৰ্যসূচী অব্যাহত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply