গোগামুখঃ কেইবাদিন ধৰি অৰুণাচলত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি আজিও বাগৰি আছে পানী।
ভয়াবহ বিপদৰ মুখত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প ।আজিও অপৰিৱৰ্তিত হৈ আছে প্ৰকল্পথলীৰ পৰিস্থিতি ।
ভয়াবহভাৱে খহি পৰিছে দাইভাৰ্জন টানেলৰ ওপৰৰ পাহাৰ । বৰষুণ দি থাকিলে আৰু পাহাৰ খহি পৰাৰ সম্ভাৱনা আছে ।
ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প। আজি প্ৰকল্পটোৰ ৫ নং টানেলৰ একাংশ ভাঙি পৰা ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।
লগতে পঢ়কঃহোজাইৰ মাটিখোলাত নাতিয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে আইতাকক
ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ গোগামুখ আঞ্চলিক সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ গোগামুখ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰকল্প স্থলীত হোৱা ভয়াবহ পৰিস্থিতিৰ পাছতো প্ৰকল্পৰ কাম চলি আছে। তেনেস্থলত এনে পৰিস্থিতিত যদি থলুৱা শ্ৰমিকৰ কিবা ক্ষয়-ক্ষতি হয় তেনেহ’লে এন এইচ পি চিৰ কৰ্তৃপক্ষ জগৰীয়া হ’ব আৰু কাকো ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ গোগামুখ আঞ্চলিক সমিতিয়ে ৷