মানকাচৰ : বছৰৰ দ্বিতীয়টো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাদ মহীয়া বানত প্লাবিত হৈছে ৰাজ্যৰ কেইবাখনো জিলা। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ প্ৰতি ঘণ্টাত বৃদ্ধি পাই আছে। বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বান প্ৰভাৱিত অঞ্চলৰ ৰাইজ।

উজনি-নামনিৰ কেইবাখনো জিলা এতিয়া বছৰৰ দ্বিতীয়টো বানৰ কবলত। নামনি অসমৰ বৰপেটাৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ শতাধিক গাঁও ডুব গৈছে বাঢ়নী পানীত। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত বান পৰিস্থিতি ভয়াবহ দিশে গতি কৰাত জিলাখনৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ প্ৰতিঘণ্টাত বৃদ্ধি পাবলৈ ধৰাত জিলাখনৰ ন ন বহু অঞ্চল বানৰ পানীত ডুব গৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সোমবাৰে বিয়লি ৪ বজালৈ ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ৪২ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। জিলাখনত সোমবাৰে পুৱা ৮ বজালৈ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ ৩৪ ছেন্টিমিটাৰ ওপৰত আছিল যদিত মাত্ৰ ৮ ঘণ্টাত ৮ ছেন্টিমিটাৰ পানী বৃদ্ধি পাইছে।

লগতে পঢ়ক : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানৰ স্কোয়াড্ৰনত লেফটেনেণ্ট হিচাপে যোগদান অসম কন্যাৰ

জিলাখনৰ প্ৰায় এক শতাধিক গাঁও বানৰ কবলত পৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বানৰ কবলত পৰা এই এক শতাধিক গাঁৱৰ লক্ষাধিক লোক বান পানীৰ ফলত প্ৰভাৱিত হৈছে। জিলাখনত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘৰ এৰি বহু বানাক্ৰান্ত লোকে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply