মুকালমুৱা : ভাদ মহীয়া ভয়াবহ বানে ৰাজ্যজুৰি প্ৰভাৱ পেলাইছে। বর্তমান ২২ খনকৈ জিলা বানৰ পানীত ডুব গৈছে। এই ২২ খন জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতি। বানাক্ৰান্ত ৰাইজে নিৰাপদ স্থানলৈ ঢাপলি মেলি আশ্ৰয় লৈছে পথৰ কাষত আৰু ওখ ঠাইবোৰত।

নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰায় ৪০ খন গাঁৱৰ ৮০ হেজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

জিলাখনত বৰক্ষেত্ৰী সমষ্টিত বানৰ সমান্তৰালভাৱে একাধিক অঞ্চলত গৰাখহনীয়াই কাল ৰূপ ধাৰন কৰিছে। বৰক্ষেত্ৰীৰ শেহতীয়া বান আৰু গৰাখহনীয়া পৰিস্থিতিৰ ওপৰত নলবাৰী জিলা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে। নৈপৰীয়া ৰাইজক সহায় সহযোগীতা আৰু বানৰ কবলৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে প্ৰশাসনে।

লগতে পঢ়ক : ২৪ ঘন্টাৰ ভিতৰত ৪৭ হাজাৰতকৈও অধিক লোক আক্রান্ত, মৃত্যু ৫০৯ জনৰ

বৰক্ষেত্ৰী সমষ্টিৰ নৈপৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰে জল সম্পদ বিভাগৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা অৰূপ বৰঠাকুৰ, নলবাৰী জিলাৰ কাৰ্যবাহী অভিযন্তা পুতুল পাটোৱাৰী, মকুলামুৱা উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মুছলিমুদ্দিন আহমেদ আৰু অধীক্ষক অভিযন্তা মুকুট ডেকাই। প্ৰসাদনৰ লোক সকলে বৰক্ষেত্ৰী সমষ্টিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply