গুৱাহাটী : স্বাধীনতাৰ হীৰক জয়ন্তী (অমৃত মহোৎসৱ) উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰ্তমান বৰ্ধিত গোলকীয় উষ্ণতা আৰু ভূমি সংৰক্ষণৰ বাবে গছ ৰোপন খুবেই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীক সমগ্ৰ অসমজুৰি এই গছপুলি ৰোপন কাৰ্যসূচী কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।

“আমি যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে সচেতন নহও, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব”, গছপুলি ৰোপন কৰি উঠি মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকক উদ্দেশ্যি এই মন্তব্য প্ৰকাশ কৰে। গছপুলি ৰোপন কৰাৰ আগমুহূৰ্তত অনুস্থিত বিভাগীয় সভাখনত নিজৰ বক্তিতা ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত তেওঁ নিজৰ পৰিয়াল আৰু সমষ্টিৰ অনুগতসকলৰ সৈতে জাগীৰোড সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৬০০০ আজাৰ গছৰ পুলি ৰোপন কৰিছিল আৰু তাৰে ১০০০ পুলি নষ্ট হোৱাত এইবাৰ পুনৰ ১০০০ পুলি ৰোপন কৰা হৈছে।

লগতে পঢ়ক : কিশোৰী ধৰ্ষণৰ অভিযোগত ২৫ বছৰৰ কাৰাদণ্ড প্ৰাক্তন বিধায়কৰ

আনহাতে জলসম্পদ বিভাগৰ হাতত অসমৰ এটা ডাঙৰ সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমাধানৰ দায়িত্ব ন্যস্ত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। গছপুলি ৰোপন কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply