বৰহাটঃ বৰহাট নগাকটা গ্ৰাণ্ট চকলীয়াত কেৱল নামতহে আছে এটা পানী যোগান আঁচনি। কিয়নো স্থানীয় ৰাইজৰ মাজত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ অৱস্থা৷ তদুপৰি আঁচনিখনৰ ঠিকাদাৰে পানী যোগানৰ বাবে গাওঁখনৰ বিভিন্ন পথৰ কাষত বৃহৎ বৃহৎ নলা খান্দি পাহৰি গ’ল নলা বন্ধ কৰিবলৈ৷
মাহৰ পিছত মাহ তেনেকৈয়ে নলা সমূহ উন্মুক্ত হৈ থকাত যি কোনো মূহুৰ্ততে পথ যাত্ৰী সকল দুৰ্ঘটনাত পতিত হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজে৷ নিতৌ শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ অহা-যোৱা কৰা পথ সমূহ এতিয়া যেন একোটা মৰণ ফাণ্ডহে৷ নলা বন্ধ কৰাৰ নাম নলয় ঠিকাদাৰে৷
ইফালে, বিগত ৭ বছৰে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰা আঁচনিখন পূৰ্বতে নাজিৰাৰ জনৈক মফিদুল ইছলাম নামৰ এগৰাকী ঠিকাদাৰে কাম আধাতে এৰি দিয়াৰ পিছত পুনৰ জনৈক কিৰণ মেচ নামৰ অন্য এজনে আঁচনিখনৰ কাম কৰে যদিও বিগত কেইবা মাহো খবৰেই নাই এইগৰাকী ঠিকাদাৰৰো৷
স্থানীয় ৰাইজে এতিয়া মনৰ ক্ষোভ প্ৰকাশ কৰি মন্তব্য কৰিছে যে- ২০১৫ চনতে নগাকটা গ্ৰাণ্টৰ চকলীয়া পানী যোগান আচঁনিৰ আধাৰশিলা স্থাপন কৰি ড্ৰিলিঙৰ কাম আৰম্ভ কৰি এক বছৰতকৈ অধিক দিন পেলাই থোৱাৰ পিছত ২০২০ চনত পুনৰ কামৰ বাবে আহিল। কিন্তু মনকৰিবলগীয়া বিষয় যে, ঠিকাদাৰ এজনৰ পিছত আনজন বদলি হয়। গাঁওবাসীৰ বিশুদ্ব খোৱাপানীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিছিল, কিন্তু তাৰ পাছতো বৰ্তমানলৈকে আধৰুৱা হৈ আছে চকলীয়াৰ পানী যোগান আচঁনিৰ কাম।
এই কামত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পানী যোগান আচঁনিৰ পৰিচালনা সমিতিৰ কথাত কাণসাৰ নিদিয়ে। আনহাতে, নাজিৰাৰ জনৈক মফিদুল ইছলাম নামৰ ঠিকাদাৰে প্ৰায় কামটো এনেকুৱা ভাৱে কৰে যে কোনোবা এদিন ইটা ৫০-১০০টা পেলায়, তাৰ পাছত চিমেণ্ট ১০ বেগমান অনাৰ লগতে চাটাৰিং কাঠ ৪ খন মান আনি কাম কৰা মানুহবোৰ ইয়াতে থাকে।
প্ৰশ্ন হয় ৫০-১০০টা ইটাৰে কাম কৰোঁতে কিমান সময়ৰ প্ৰয়োজন? নিশ্চয় ১-২ঘণ্টা সময়ৰ প্ৰয়োজন । তাৰ পিছত শেষ নহয় কাম। স্থানীয় ৰাইজে পুনৰ মন্তব্যত কয় যে- তেখেত সকলক আমি দোষ দিয়া নাই, তেওঁলোকে সামগ্ৰী পালে কাম কৰিব। স্থানীয় ৰাইজে ঠিকাদাৰ গৰাকীক ফোন কৰে, ফোন কৰাৰ পিছত ঠিকাদাৰে কয় যে আজি যাম, অহাকালি যাম, সেইজন ঠিকাদাৰ গ’ল। তাৰ পিছত অন্য এজন ঠিকাদাৰক দিলে কামটো। ঠিকাদাৰ আহিলে, নলা খান্দিলে, ৰাস্তাৰ দুয়োকাষে আছে মানুহৰ ঘৰ-দুৱাৰ আৰু এটা কাষে ৩ ইঞ্চি পাইপৰ ঠাইত ৰাইজৰ পৰিলক্ষিত হোৱাত প্ৰায় ১কিলোমিটাৰ পথত ২ ইঞ্চি পাইপ পুঁতিলে। তাৰ পিছত ৰাইজক পানী দুদিন মান দিয়াৰ পিছত আৰু নাই পানী। এতিয়া উপায় বিহীন চকলীয়া গাঁৱৰ ৩ শতাধিক ৰাইজে এই পানী যোগান আঁচনিখন ক্ষীপ্ৰতাৰে কাৰ্য্যক্ষম কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে৷