মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী আৰু ফেকামাৰীত মঙলবাৰে পুৱা ১১ বজাত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান আঁচনি উদ্বোধন কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত এইচ এন গৌতম, অতিৰিক্ত জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা এছ আৰ মোগল, ফেকামাৰী গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজুল হকৰ লগতে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন স্তৰৰ বিষয়া কৰ্মচাৰীসহ উক্ত অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজ।
আনহাতে আঁচনি দুখন উদ্বোধন কৰাৰ অন্তত আঁচনি দুখন চোৱা চিতা কৰাৰ বাবে ইউজাৰ কমিটিক সম্পূৰ্ণৰূপে দায়িত্ব প্ৰদান কৰে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু জিলা উপায়ুক্তই। এই দুয়োখন আঁচনিৰ জড়িয়তে উক্ত অঞ্চলৰ প্ৰায় ৫ শতাধিক লোক বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি জনা গৈছে।
ইফালে জিলাখনত মুঠ ৬ টাকৈ জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভাৰম্ভ কৰা হ’ব আৰু পৰৱৰ্ত্তী সময়ত জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ২৫০ খন বিশুদ্ধ খোৱা পানী আঁচনিৰ নিৰ্মাণ কাম আৰম্ভ কৰা হ’ব বুলি জিলা উপায়ুক্ত গৰাকীয়ে সদৰী কৰে।