গুৱাহাটী : এন এল এফ বি সেনাপ্ৰধান এম বাথাই সংবাদ মাধ্যমৰ ওচৰত মুখ খুলিলে। আমি আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ বাবেহে আহিছোঁ বুলি কয় এম বাথাই। এন ডি এফ বি আৰু এন এল এফ বিৰ কাৰাবন্দী নেতা আৰু কেডাৰ সকলৰ মুক্তিৰ দাবী এম বাথাৰ। বি টি আৰ চুক্তি ৰূপায়ন কৰাৰো দাবী এন এল এফ বিৰ সেনাপ্ৰধান গৰাকীৰ।
শুকুৰবাৰে অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত মিলিত হয় বড়োভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন নেছনেল লিবাৰেছন ফ্ৰণ্ট অব বডোলেণ্ড চমুকৈ এন এল এফ বি গোটৰ সেনাপ্ৰধান এম বাথা ওৰফে বিনোদ মুচাহাৰী আৰু সভাপতি আই বি বিথোনগৰা ওৰফে বিক্ৰম ইছলাৰী। মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ পূৰ্বে সংগঠনটোৰ সেনাপ্ৰধান এম বাথাই কয় যে আমি আত্মসমৰ্পণ কৰা নাই আমি শান্তি আলোচনাৰ বাবেহে আহিছোঁ।
এম বাথাই লগতে কয় যে মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনাত মিলিত হৈ আমাৰ দাবী সমূহ উত্থাপন কৰিম। এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীৰ, সংগঠনটোৰ কেডাৰ আৰু এন এল এফ বিৰ কাৰাবন্দী হৈ থকা কেডাৰ সকলক মুক্তিৰ দাবী আমি জনাইছোঁ। লগতে বি টি আৰ চুক্তি ৰূপায়ন কৰাতো আমি দাবী জনাইছে বুলিও কয় এন এল এফ বিৰ সেনাপ্ৰধান এম বাথাই।
ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকে শান্তিৰ পথলৈ উভতি আহিছে। ইয়াক তেওঁলোকে আত্মসমৰ্পণৰ পৰিবৰ্তে শান্তি আলোচনা কলেও একো নাই। আমাক অসমত শান্তি লাগে। এতিয়া গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰ পৰ্যন্ত কোনো বিদ্ৰোহী সংগঠন নাই। গুৱাহাটী পৰা শ্ৰীৰামপুৰ পৰ্যন্ত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে।
লগতে পঢ়ক : হঠাৎ যেন সপোনবোৰ ভাঙি পৰিল খুমটাইৰ বিকি ভূমিজৰ
উল্লেখ্য যে বৃহস্পতিবাৰে বড়ো ভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন এন এল এফ বি সেনাপ্ৰধান এম বাথাৰ লগতে সংগঠনটোৰ ২৩ গৰাকী কেডাৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত শান্তি আলোচনাৰ বাবে ঘুৰি আহে। ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে এন ডি এফ বিয়ে অস্ত্ৰ পৰিহাৰ কৰাৰ সময়ত এম বাথায়ো আত্মসমৰ্পন কৰিছিল। কিন্তু পিছত তেওঁ পুনৰ অৰণ্যলৈ উভতি গৈ চলিত বৰ্ষৰ মাৰ্চ মাহত এন এল এফ বি নামৰ নতুন বিদ্ৰোহী সংগঠনটোৰ জন্ম দিছিল।