অসমীয়া সংগীতৰ জগতখন আজি হয়টো আৰু আগৰ দৰে হৈ থকা নাই। নতুন নতুন মুখ, নতুন নতুন কন্ঠ, নতুন এক লহৰে অসমীয়া সংগীতক আজি বহুখিনি আগুৱাই নিছে।
আনন্দৰ কথা যে অসমীয়া স্প’টিফাই প্লে’লিষ্ট (Spotify playlist)ৰ সহায়ত এতিয়া আগৰ তুলনাত প্ৰিয় শিল্পীসকলক নিচেই কাষতে পাব পাৰি আৰু নিজৰ পচন্দৰ গানসমূহ উপভোগ কৰিব পাৰি।
অসমৰ উঠি অহা নতুন চাম শিল্পীৰ এক চকুত লগা দিশ হ’ল নতুন শৈল্পিক পৰীক্ষা-নিৰিক্ষাৰ প্ৰতি থকা অনুৰাগ। নববৈৰ দশকৰ পৰা আধুনিক অসমীয়া গীতসমূহৰ ক্ষেত্ৰত কিছু নতুনত্ব দেখিবলৈ পোৱা যায় যদিও বৰ্তমান ই এক অন্য মাত্ৰা লাভ কৰিছে।
এতিয়া নৱ প্ৰজন্মৰ মাজত জুবিন, পাপনৰ লগতে সমানেই জনপ্ৰিয় হৈ পৰিছে শংখুৰাজ কোঁৱৰ, নিলোৎপল বৰা, অভি শইকীয়া, সান্নিধ্য ভুঞা আদি বহু কেইগৰাকী নতুন কণ্ঠ শিল্পীৰ নাম।
ইষ্টম’জ’ৰ ফালৰ পৰা আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে কেইটিমান জনপ্ৰিয় অসমীয়া গানৰ স্পোটিফাই প্লে’লিষ্ট :
১. শংখুৰাজ কোঁৱৰৰ অলকানন্দা।
২. নিলোৎপল বৰাৰ মাজুলী।
৩. শংখুৰাজ কোঁৱৰৰ নক্ষত্ৰ।
৪. অভি শইকীয়াৰ সাৰথি।
৫. ৰজনিশ শইকীয়া আৰু কৌশিক শৰ্মাৰ উদাসী মন।
৬. অভি শইকীয়াৰ মেঘৰঞ্জনী।
৭. কংকন ৰাভা, শংখুৰাজ কোঁৱৰ, অভি শইকীয়াৰ জলপ্ৰপাত।
৮. তন্ময় ক্ৰিপটন, সান্নিধ্য ভুঞাৰ সুৰঞ্জনা।
৯. ফায়াৰচেঞ্চ, নিখিল জ্যোতি শৰ্মাৰ চকু জুৰি।
১০. শৰত গগৈৰ চঞ্চল।
লগতে পঢ়ক : জুন মাহত ৰাজ্যত বিদ্যৎ চুৰিৰ সন্দৰ্ভত ৬১১খন এজাহাৰ দাখিল