গুৱাহাটী: জু তিনিআলিত নিৰ্মাণ আৰম্ভ কৰা উৰণীয়া সেঁতু নামত গছ কটা কাৰ্যক ধিক্কাৰ জনাইছে ৰাইজে। ৬০ ৰ পৰা ৭০ বছৰীয়া পুৰণি গছসমূহ কাটি পেলোৱাক লৈ প্ৰতিবাদ কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে স্থানীয় ৰাইজে।
গুৱাহাটীৰ মাজমজিয়াত দিনকদিনে গছৰ সংখ্যা কমি অহাৰ পিছতো চৰকাৰে এই গছবোৰ সংৰক্ষণ কৰাৰ কথা নাভাবি কাটি তহিলং কৰাতহে আগভাগ লৈছে। ইয়াৰ প্ৰতিবাদত
হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিল প্ৰকৃতি প্ৰেমী সংগঠনৰ কৰ্মীৰ লগতে স্থানীয় ৰাইজ।
বন বিভাগে নিশা চোৰৰ দৰে গছ কাটি শেষ কৰাৰ অভিযোগ কৰে স্থানীয় বাসিন্দাই।
তথ্য প্ৰযুক্তিৰ দিনত গছ নকটাকৈ নিৰ্মান কাম সম্ভৱ বুলি দাবী কৰি প্ৰকৃতিপ্ৰেমী সংগঠনৰ কৰ্মীসকলে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধেও প্ৰতিবাদ জনাই।
আজিলৈকে গুৱাহাটী মহানগৰীত নতুনকৈ গছ ৰোৱাৰ ক্ষেত্ৰত কোনো ব্যবস্থা নোলোৱাৰ বিপৰীতে পুৰণি গছ সমূহ কাটি শেষ কৰাৰ বিপৰীতে গছ ৰোৱাৰ বাবে কেবিনেটত লোৱা সিদ্ধান্ত কেতিয়াকৈ কাৰ্যকৰী হ’ব সেই সম্পৰ্কেও প্ৰশ্ন তোলে।
লগতে পঢ়ক – দহ দিন কৰ্মবিৰতি পালন কৰাৰ পাছতো চৰকাৰে নুসুনিলে PNRD কৰ্মচাৰীৰ দাবী