কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে দেশজুৰি জোকাৰণি সৃষ্টি কৰা হিজাব বিতৰ্কৰ ওপৰত
ঐতিহাসিক ৰায়দান। স্কুল-কলেজত পিন্ধিব নোৱাৰিব হিজাব।হিজাব নিষিদ্ধৰ বিৰুদ্ধে দাখিল সকলো আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে কয় যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়। বিদ্যালয়ত হিজাব পিন্ধাৰ প্ৰয়োজন নাই। হিজাব পিন্ধাতো ইছলামতো বাধ্যতামূলক নহয়।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থি ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম কাজীৰ বিচাৰপীঠ উডুপীৰ যুৱতীৰ আবেদনৰ শুনানিৰ বাবে গঠন কৰা হৈছিল। এই ছাত্ৰীসকলে উচ্চ ন্যায়ালয়ত দিয়া আবেদন মতে, তেওঁলোকক বিদ্যালয়ত ইউনিফৰ্মৰ লগতে হিজাব পিন্ধাৰ অনুমতি বিচাৰিছিল।

তেওঁলোকে ইয়াকো কৈছিল হিজাব তেওঁলোকৰ ধৰ্মীয় আস্থাৰ অংশ। কিন্তু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত আগত ৰাজ্যিক অধিবক্তা জেনেৰেল প্ৰভুলিঙ্গ নাভাদগীয়ে কৈছিল, “হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয়। ড০ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কৈছিল যে “আমি আমাৰ ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে”।

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্য খনৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থিৰ আৱাসতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply