গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা দুদিন ধৰি অহা বৃষ্টিপাতে জনসাধাৰণক উৎকট গৰমৰ পৰা কিছু সকাহ দিছে। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগজাননী অনুসৰি অহা ৪ দিনত অসমকে ধৰি উত্তৰ-পূবত বিজুলী ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া আকাৰৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

আনহাতে সোমবাৰে সন্ধিয়াৰে পৰা হৈ থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন একেলাত পানী জমা হৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে।

মঙলবাৰে মহানগৰীৰ ৰুক্মিণী গাঁও, হাতীগাঁও, ডাউনটাউন, তৰুণ নগৰ, ভঙাগড় আদি অঞ্চল বহু সময়লৈকে আঁঠুলৈকে পানীৰ তলত থাকে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ সঞ্জয় অ’নিল শ্ব’ই কয় যে, “গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া ঠাইসমূহত বতৰ ডাৱৰীয়া থকাৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত তাপমান সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছৰ পৰা সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব।”

আনহাতে বুধবাৰে সমগ্ৰ অসমৰ বিচ্ছিন্ন স্থানত ধাৰাসাৰ বৰষুণ আহিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই অনুমান কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা ২৪ ঘণ্টাত ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ সম্ভাৱনা আছে। 

ইয়াৰ উপৰি ১৫ আৰু ১৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বহু ঠাইত মধ্যমীয়া আকাৰৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক- বনকৰা মানুহৰ বাবে চৰকাৰে শীঘ্ৰেই আনিব নতুন আইন: মুখ্য মন্ত্ৰী  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply