নিউজ ডেস্কঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। পুৱাৰ ভাগত ৰ’দ ওলাইছিল যদিও পৰৱৰ্তী সময়ত কুঁৱলীয়ে আগুৰি ধৰে মহানগৰী গুৱাহাটী।
শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ঠায়ে ঠায়ে জুই জ্বলাই তাপ লোৱাত ব্যস্ত মহানগৰবাসী। বিগত কিছুদিন ধৰি মহানগৰীত শীত লহৰ অব্যাহত আছে যদিও বৃহস্পতিবাৰৰ দিনটোৰ শীতৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে।
ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত হোৱা বৰষুণৰ বাবে প্ৰচণ্ড শীতৰ লহৰ বৈছে৷ আকাশ মেঘাচ্ছন্ন হৈ থাকৰ ফলত নিম্নগামী হৈছে। আগন্তুক কেইটামান দিনতো ৰাজ্যত শীতৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে।
গুৱাহাটীৰ তাপমাত্ৰা ১১.২ ডিগ্ৰী চেলচিয়াছলৈকে নামিছে। স্বাভাবিক তাপমাত্ৰাৰ তুলনাত ০.৪ ডিগ্ৰী চেলচিয়াছ কম। আনহাতে ডিব্ৰুগড়ৰ তাপমাত্ৰা ১০ডিগ্ৰী চেলচিয়াছ, তেজপুৰৰ ১২.১ ডিগ্ৰী,শিলচৰৰ ১২.৭ ডিগ্ৰী, যোৰহাটৰ ১১.২ ডিগ্ৰী,উত্তৰ লখিমপুৰৰ ৯.৩ ডিগ্ৰী চেলচিয়াছলৈকে নামিছে।
গুৱাহাটীতো শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বহু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে ঘন কুঁৱলী আগুৰি থাকৰ আশংকাও আছে ৷
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰিছে। বৰষুণৰ ফলত তাপমাত্ৰা আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক- মুখ্যমন্ত্ৰী মামাৰ নিমন্ত্ৰণ ৰক্ষা গুৱাহাটীলৈ অহা মাজুলীৰ কনমানী ভকত বৈষ্ণব উভতিল