উৎকট গৰমে আকৌ দহিব ৰাজ্যবাসীক । ৰাজ্যত বিগত ২টা দিনত অধিক বৃদ্ধি পাইছে গৰমৰ মাত্ৰা । এই উষ্ণতাই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক । এই গৰমৰ পৰা সকলোৱে বিচাৰিছে পৰিত্ৰাণ ।

কিন্তু সকলোৰে আশাত চেচাপানী ঢালি ৰাজ্যত আগন্তুক ২টা দিনত পুনৰ বৃদ্ধি পাব গৰমৰ মাত্ৰা । উত্তৰ পুৱৰ অৰুণাচল,নাগালেণ্ড আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে আন ৰাজ্যসমুহত বৃদ্ধি হ’ব গৰমৰ প্ৰকোপ । অইন দিনতকৈ এই দুটা দিনত অধিক বৃদ্ধি হ’ব পাৰে উষ্ণতা । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি আহিবলগীয়া কেইদিনত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত জলবায়ু শুকান হোৱাৰো সম্ভাবনা ব্যক্ত কৰিছে।
আজিৰ দিনটোত অৰুণাচল প্ৰদেশৰ লগতে নাগালেণ্ড আৰু মণিপুৰৰ কিছু মধ্যৱৰ্তী অঞ্চলত কম পৰিমাণৰ বৰষূণ হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে।
ইয়াৰ বিপৰীতে অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত জলবায়ু শুকান আৰু তাপমাত্ৰা প্ৰায় ২ৰ পৰা ৩ডিগ্ৰীলৈ বৃদ্ধি হোৱাৰ হোৱাৰ সম্ভাৱনা পাব বুলি কোৱা হৈছে।

কাইলৈৰ পৰা অহা চাৰিদিনলৈ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰৰ অঞ্চলসমূহৰ জলবায়ু শুকান হোৱাৰ সম্ভাৱনা ।

গুৱাহাটী আৰু ইয়াৰ আশে-পাশে বিস্তাৰিত অঞ্চল সমূহৰ সামান্য তাপমাত্ৰা ক্ৰমে ১৯/২০ ডিগ্ৰীৰ পৰা ৩৫/৩৬ ডিগ্ৰীলৈ তাপমাত্ৰা লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply