ৰঙিয়া : ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে নামিল শিল্পী সমাজ। ৰঙিয়াৰ শিল্পী সমাজে চলাব ড্ৰাগছৰ বিৰুদ্ধে অভিযান। ৰঙিয়া নিবাসী পৰিচালক তথা অভিনেতা পঙ্কজ পল্লৱ শৰ্মাই নিৰ্মাণ কৰি আছে ড্ৰাগছৰ বিৰুদ্ধে এক ৱেব চিৰিজ ‘দি চাইলেণ্ট কীলাৰ’। অসমখন ড্ৰাগছমুক্ত কৰিবলৈ সঙ্গীত স্কুল অৱ ড্ৰামাই ৰঙিয়াৰ আন এজন সমাজসেৱী নিপন ভূঞাৰ প্ৰযোজনাত নিৰ্মাণ কৰি আছে ৱেব চিৰিজখন।
‘দি চাইলেণ্ট কীলাৰ’ৰ পাঁচটা খণ্ড মুকলি হোৱাৰ পিছত বৰ্তমান ষষ্ঠখণ্ডটো মুকলি কৰা হৈছে। মধ্য পাণ্ডুৰী অন্তৰ্গত বটাকুচিত চ’কত অনুষ্ঠিত এক অনাড়ম্বৰ অনুষ্ঠানত খণ্ডটি মুকলি কৰে বিশিষ্ট শিক্ষাবিদ বিনোদ কলিতাই। খণ্ডটি মুকলি কৰি বিনোদ কলিতাই ড্ৰাগছৰ বিৰুদ্ধে লোৱা এনে প্ৰচেষ্টাক শলাগি ড্ৰাগছৰ বিভিষিকাৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। ‘দি চাইলেন্ট কীলাৰে’ এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উন্মোচক গৰাকীয়ে দোহাৰে।
লগতে পঢ়ক : কাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত চলোৱা উচ্ছেদ অভিযানক অমানবীয় আখ্যা এবিএমছুৰ
পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই আঁতধৰা অনুষ্ঠানটোত শিক্ষাবিদ গিৰিজানন্দ ভট্ট, সমাজ সেৱক কাৰ্তিক ডেকা, দিপক কলিতা, সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি কলিতা উপস্থিত থাকে। উল্লেখ্য যে ‘দি চাইলেন্ট কীলাৰ’ নামৰ ৱেব চিৰিজখনৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদ কৰিছে নিপন ভূঞা পঙ্কজ পল্লৱ শৰ্মাই।