গুৱাহাটী : ভাৰতীয় জনসম্পৰ্ক পৰিষদৰ (পি আৰ চি আই ) শিক্ষাৰ্থী শাখা ইয়ং কমিউনিকেটৰ্ছ ক্লাব উত্তৰ-পূৱ অধ্যায়ে (ৱাই চি চি) এল জি বি টি কিউ আই এ+ গৌৰৱ মাহ উপলক্ষে এল জি বি টি কিউ আই এ+ সন্দৰ্ভত এক ৱেবিনাৰ অনুষ্ঠিত কৰে। ৱেবিনাৰখনৰ মুখ্য উদ্দেশ্য আছিল লিংগ, লিংগভেদ আৰু যৌনতাৰ বিষয়ে সম্যক জ্ঞান প্ৰদান তথা সমগ্ৰ দেশত আৰু বিশেষকৈ উত্তৰ-পূব ভাৰতত এল জি বি টি কিউ আই এ+ সম্প্ৰদায়ৰ সমস্যা আৰু প্ৰয়োজনীয়তাসমূহ বুজি পোৱা।

অনুষ্ঠানটোত মূখ্যবক্তা আছিল তেজপুৰৰ মানৱ অধিকাৰ কৰ্মী তথা ‘শব্দ’ শীৰ্ষক অনুষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাতা অৰ্পনা চৌধুৰী। তেখেতৰ উপস্থাপনৰ বিষয় আছিল লিংগ, লিংগভেদ আৰু যৌনতাৰ আৰু ইয়াৰ লগত জড়িত কাল্পনিক কাহিনীসমূহ ছেদকৰণ। তেখেতে ভাৰতত এল জি বি টি কিউ আই এ+ সম্প্ৰদায়ে সন্মুখীন হোৱা বিষয়বোৰ আৰু বিষয়টোৰ সম্পৰ্কে মানুহৰ ধাৰণা কেনেদৰে সলনি কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে অৰ্পনাক অসমৰ আদিবাসী সম্প্ৰদায়ৰ ওপৰত কৰা তেখেতৰ কৰ্মৰাজীৰ বাবে “ফৰ্বছে” ২০১৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত “৩০ অনুৰ্ধৰ ৩০” স্বীকৃতি প্ৰদান কৰিছিল। এগৰাকী মানৱধিকাৰ কৰ্মী হোৱাৰ ওপৰিও অৰ্পনাই তেখেতৰ অনুষ্ঠান ‘শব্দ’ৰ জৰিয়তে এল জি বি টি কিউ আই এ+ সম্প্ৰদায়ৰ সমস্যাৰাজিৰ ওপৰত নিৰৱিছিন্নভাৱে কাম কৰি আছে।

লগতে পঢ়ক : বিউটি পাৰ্লাৰ ব্যৱসায়ৰে জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলাই এতিয়া বাঁহৰ খৰাহী,পাঁচি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে

অনুষ্ঠানটোত ৱাই চি চি উত্তৰ-পূৱৰ সঞ্চালক তথা ৱেবিনাৰখনৰ আয়োজক শুভাঙ্কৰ বেনাৰ্জীয়ে কয়, “আমি এনে এক সংবেদনশীল বিষয়ত ৱেবিনাৰ অনুষ্ঠিত কৰি সুখী, এল জি বি টি কিউ আই এ+ সম্প্ৰদায়ক বুজি পোৱাৰ বাবে সজাগতা সৃষ্টি হৈছে মৌলিক প্ৰয়োজনীয়তা আৰু মই নিশ্চিত যে ৱাই চি চি উত্তৰ-পূৱে পৰিচালনা কৰা এই ৱেবিনাৰে আমাক বিষয়টোৰ গভীৰতা তথা এক সম্যক জ্ঞান প্ৰদান কৰাত সহায়ক হৈছে।” অনুষ্ঠানটোত ভাৰতৰ বিভিন্ন স্থানৰ ৮০-৮৫ জনৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ ওপৰিত, পি আৰ চি আই আৰু ৱাই চি চিৰ শীৰ্ষ ৰাষ্ট্ৰীয় নেতৃত্ববৃন্দয়েও যোগদান কৰে। পি আৰ চি আই -ৱাই চি চিৰ ৰাষ্ট্ৰীয় অধ্যক্ষা চিন্ময়ী প্ৰবীণ বিশেষ অতিথি আৰু ৰাষ্ট্ৰীয় উপাধ্যক্ষ অবিনাশ গাৱাই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply