বিমানবন্দৰত লাভলীনাক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

গৃহভূমিত উপস্থিত অসম কন্যা লাভলীনা বৰগোহাঁই
বিমানবন্দৰত লাভলীনাক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
সম্বৰ্ধনা জনালে ক্রীড়ামন্ত্রী বিমল বৰাই
বৰঝাৰ বিমানবন্দৰত বিপুল সম্বৰ্ধনা শুভাকাংক্ষীৰ
বিমানবন্দৰৰ পৰা তাজ ভিভাণ্টালৈ যাত্রা আৰম্ভ লাভলীনাৰ

ট’কিঅ’ অলিম্পিকত পদক জয় কৰি অলিম্পিক ক্ৰীড়াৰ জগতত প্ৰথম বাৰৰ বাবে অসমৰ নাম খোদিত কৰা, অসম কন্যা লাভলীনা বৰগোহাঁই আহি বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত

আদৰনি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , ক্ৰীড়া মন্ত্ৰী বিমল বৰা , মন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ

অসম গৌৰৱ গৰাকীক ‘ৰাজ্যিক অতিথি’ মৰ্যাদাৰে স্ব-ভূমিলৈ স্বাগতম জনাই।

বিয়লী কলাক্ষেত্ৰত হবলগা সভাত ৰাজ্য চৰকাৰে সম্বৰ্ধনা জনাব |

বিমান বন্দৰৰ পৰা পোনে পোনে খানাপাৰাৰ হোটেল তাজ ভিভাণ্টালৈ লাভলীনা বৰগোহাঁই।

হোটেল তাজ ভিভাণ্টাত জিৰণি লৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল’ব লাভলীনাই।

কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ লগতে জনাব সম্বৰ্ধনা।

বক্সাৰগৰাকীয়ে সন্ধিয়া ৬ বজাত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু অসম বক্সিং সংস্থাৰ বিষয়াসকলৰ সৈতে এক নৈশ ভোজত অংশ ল’ব।

কাইলৈ পুনৰ দিল্লীলৈ উভতি যাব লাভলীনা।

লগতে পঢ়ক বিধায়ক অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মেঘালয়ৰ লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply