পশ্চিম কাৰ্বি আংলং, জাচন ইংহিঃ সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙতো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই অসম আৰক্ষী এক প্ৰকাৰ তৎপৰ হৈ বাল্য বিবাহৰ বিৰুদ্ধে। সেই উপলক্ষে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।
পশ্চিম কাৰ্বি আংলঙত ১৫টাকৈ বাল্য বিবাহৰ গোছৰত ইতিমধ্যে ৰুজু কৰা হৈছে ৷ ইয়াৰে খেৰণি থানাত তিনিজন পূজাৰী সহ ৯জনক আটক কৰা হৈছে ৷
আটকাধীন লোক কেইজন ক্ৰমে- স্বামী বাবুৰাম ৰাজভৰ, পিণ্টু দে, ৰিংকু বৰা,ভৌলন চৌধৰী,আকাশ চাহ, জয়ন্ত বিশ্বাস ৷ ইপিনে, নাবালিকাক বিবাহ কৰোৱা পূজাৰী হাৰডুৱে পাণ্ডে, কাজল চক্ৰৱৰ্তী আৰু বাবুল পাণ্ডেকো আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
ইফালে, শুকুৰবাৰে নিশাৰ ভাগত পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে- পশ্চিম কাৰ্বি আংলঙতো বাল্য বিবাহৰ গোছত বৈঠালাংছ’ আৰু খেৰণিত অধিক গোচৰ ৰুজু কৰা হৈছে আৰু বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতাৰে অভিযান চলাই নিয়া হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱায়ে ৷