বৈঠালাংছুঃ সন্ত্ৰাস জৰ্জৰিত কাৰ্বি ভূমিত এতিয়া শান্তিৰ বন্যা। এই শান্তি সম্প্ৰীতিৰ দ্বাৰা পাৰ্বত্য এলেকাত অধিক উন্নয়নৰ সপোন ৰচিছে জিলা বাসী তথা কাৰ্বিপৰিষদে। জনসাধাৰণৰ এই উদ্দেশ্য আগত ৰাখি কাৰ্বি পৰিষদে প্ৰতিটো পৰিষদীয় সমষ্টিত অনুস্থিত কৰিছে “শান্তি আৰু প্ৰগতিৰ সভা।তাৰে অংশ হিচাপে ২নং আমৰি আৰু ৩নং চিংণ্ঠং পৰিষদীয় সমষ্টি সামৰি বিৰচিংকীত অনুস্থিত কৰে শান্তি আৰু প্ৰগতিৰ এক বিশাল জনসভা।

সভাখনত কাৰ্বিপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপছিং টেৰণ, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং,জিলা বিজেপিৰ সভাপতি ৰূদীপ ৰংহাং,পৰিষদৰ ই.এম.প্ৰদীপ ৰংপি, ডি উফিং মাচলাই আদি বহুকেইজন পৰিষদীয় ই.এম তথা এম.এ.চি. ও উপস্থিত থাকে।

লগতে পঢ়কঃৰাজ্যত জলসিঞ্চন বিভাগত সংঘটিত হোৱা বৃহৎ কেলেংকাৰী ফাদিল

উল্লেখ্য যে, উক্ত সভাতে বিভিন্ন ৰাজনৈতিক দলৰ দুই শতাধিক পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়ে। সভাৰ অন্তত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত চি.ই.এম তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদে ২০২২ বৰ্ষত ৭০ বছৰ সম্পূৰ্ণ কৰিব।

অহা ৫ নৱেম্বৰত ডিফুত এখনি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুস্থিত হ’ব য’ত উপস্থিত থাকিব অসমৰ বহুকেইজন আগশাৰীৰ বুদ্ধিজীৱি, মুখ্য ন্যায়িক দণ্ডাধীশৰ লগতে বহুকেইজন জেষ্ঠ্য অধিবক্তা।বিগত ৭০ বছৰে পাৰ্বত্য জিলাখনে সংবিধানৰ ষষ্ঠ অনুসুচীৰ অধীনত কি কি সুবিধা পাবলৈ সক্ষম হ’ল তাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হ’ব। CEM ৰংহাঙে এইটোও কয় যে , নৱ গঠিত পশ্চিম কৰ্বিআংলং জিলা খনত হাৱাং আৰু জিৰিকিংদেঙত দুটা মহকুমা অতি শীঘ্ৰে ঘোষণা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply