নিউজ ডেস্ক– সমাগত পশ্চিমবংগ বিধানসভা নিৰ্বাচন। ৰাজ্য খনৰ সৰ্বমুঠ ২৯৪ টা সমষ্টিত হ’বলগীয়া এই নিৰ্বাচন ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ’ব । এই নিৰ্বাচনৰ সন্ধিক্ষণত বাংলা ছবিজগতৰ বহুকেইগৰাকী নায়ক- নায়িকাই ৰাজনৈতিক জগতখনলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে । ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত শাসকীয় তৃণমূল কংগ্ৰেছ তথা বিজেপিয়ে ৰাজনৈতিক নেতাৰ তুলনাত ৰূপালী পৰ্দাৰ নায়ক-নায়িকাকহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সোমবাৰে অভিনেত্ৰী শ্ৰাৱন্তী চেটাৰ্জীয়ে বিজেপিত যোগদান কৰে। তাৰ পূৰ্বে অভিনেত্ৰী কাঞ্চন মল্লিক আৰু সায়নী ঘোষৰ লগতে ছবি পৰিচালক ৰাজ চক্ৰৱৰ্ত্তীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। বিজেপিত এতিয়ালৈকে ১১গৰাকী টলীউদৰ তাৰকাই যোগদান কৰিছে। সোহম চক্ৰৱৰ্তী, নুছৰত জাহান, মিমি চক্ৰৱৰ্তী, দেৱশ্ৰী ৰয়, শতাব্দী ৰয়ে বিজেপিত ইতিপূৰ্বে যোগদান কৰিছে ।
২০০৭ চনত প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছে ৰূপালী পৰ্দাৰ নায়ক-নায়িকাক নিজৰ দললৈ আনি এই পৰম্পৰা আৰম্ভ কৰিছিল। এইবাৰ তৃণমূল কংগ্ৰেছলৈ আগমণ ঘটিছে কৌশানী মুখাৰ্জী, পিয়া সেনগুপ্তা, মনালি দে, সায়ন্তিকা বেনাৰ্জী, ৰণিতা দাস, সুদেষ্ণা চক্ৰৱৰ্তী, সৌপ্তিক চক্ৰৱৰ্তী, শ্ৰী তামা ভট্টাচাৰ্য, দীপাংকৰ দে, ভৰত কৌল, ছাওনা খান আৰু সৌৰভ দাস। সেইদৰে যশ দাসগুপ্তা, পায়েল সৰকাৰ, সৌমিলি বিশ্বাস, পাটিয়া অধিকাৰী, হিৰণ চেটাৰ্জী, ৰুদ্ৰনীল ঘোষ আৰু কৌশিক ৰয়ে বিজেপিত যোগদান কৰিছে। এইবাৰ বংগৰ নিৰ্বাচনী যুঁজখন পোনপটীয়াভাৱে পুৰণি ৰাজনেতা আৰু টলীউদৰ শিল্পীৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply