গুৱাহাটী : আজি বিশ্ব জলাশয় দিৱস। প্ৰতিবছৰে বিশ্ববাসীয়ে ২ ফেব্ৰুৱাৰী তাৰিখে জলাশয় সমূহ সংৰক্ষণ আৰু ৰক্ষাৰ বাবে জলাশয় দিৱস উদযাপন কৰে। ‘পৰিৱেশ তন্ত্ৰ’ৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ হৈছে জলাশয় সমূহ। অসমত হাজাৰ হাজাৰ জলাশয় আছে কিন্তু এই জলাশয় সমূহ কিমান সংৰক্ষিত ?
উত্তৰ পূৱ ভাৰতৰ প্ৰধান চহৰ হৈছে মহানগৰী গুৱাহাটী। এই মহানগৰীখনৰ বুকুত আছে বহু জলাশয়। গুৱাহাটীৰ সৰু-বৰ জলাশয় সমূত ভিতৰত প্ৰদান তিনিটা জলাশয় হৈছে দীপৰ বিল, শিলসাঁকো বিল আৰু শলা বিল। এই তিনিওটা জলাশয়ৰ অস্তিত্ব বৰ্তমান সংকটত। দীপৰ বিল সম্পৰ্কে অসমবাসী ৰাইজ জ্ঞাত যদিও গুৱাহাটী মহানগৰীত থকা শিলসাঁকো আৰু শলা বিলৰ অস্তিত্বৰ বিষয়ে বহু লোক জ্ঞাত নহয়। আনকি মহানগৰীখনত বসবাস কৰা বহু লোকে নাজানে এই দুটা জলাশয়ৰ বিষয়ে।
সাধাৰণ মানুহৰ লগতে চৰকাৰৰ বাবেও এই দুটা জলাশয় একেবাৰে গুৰুত্বহীন। মহানগৰী গুৱাহাটীত থকা জলাশয় সমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে সময়ে সময়ে বহু আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হয় যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু এই আঁচনি সমূহে চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়ে। জলাশয় সমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নথকাৰ ফলতে মহানগৰীৰ দুটাকৈ জলাশয় ধ্বংস হোৱাৰ উপক্রম হৈছে৷
বেদখলকাৰীৰ কবলত পৰি ইতিমধ্যেই সম্পূৰ্ণৰূপে ধ্বংস হৈছে শিলসাঁকো আৰু শলা বিল। মেটেকা আৰু আৱর্জনাৰে ভৰি পৰি আছে এই জলাশয় দুটা। দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ছাইট হিচাপে স্বীকৃত লাভ কৰাৰ বাবে এই বিলখনক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে তেনে গুৰুত্ব শিলসাঁকো আৰু শলা বিলৰ ক্ষেত্ৰত দেখিবলৈ নোপোৱাৰ ফলত এই জলাশয় দুটা ইতিমধ্যে নিঃশেষ হোৱাৰ পথত। ইতিমধ্যে শিলসাঁকো বিলৰ অস্তিত্ব সম্পূৰ্ণৰূপে নিঃশেষ হোৱা বুলি কলেও ভুল নহ’ব।