গুৱাহাটী : আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে বিশ্ববাসীয়ে ৫ জুন তাৰিখে পৰিৱেশ সংৰক্ষণ আৰু ৰক্ষাৰ বাবে পৰিৱেশ দিৱস উদযাপন কৰে। এইবাৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘পৰিৱেশ তন্ত্ৰ’ পুনৰুদ্ধাৰ। ‘পৰিৱেশ তন্ত্ৰ’ৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ হৈছে জলাশয় সমূহ। অসমত হাজাৰ হাজাৰ জলাশয় আছে কিন্তু এই জলাশয় সমূহ কিমান সংৰক্ষিত ? মানৱ জাতিয়ে ইতিমধ্যে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই জলাশয় সমূহ পুনৰুদ্ধাৰ কৰাটো কিমান সম্ভৱ ?

উত্তৰ পূৱ ভাৰতৰ প্ৰধান চহৰ হৈছে মহানগৰী গুৱাহাটী। এই মহানগৰীখনৰ বুকুত আছে বহু জলাশয়। গুৱাহাটীৰ সৰু-বৰ জলাশয় সমূত ভিতৰত প্ৰদান তিনিটা জলাশয় হৈছে দীপৰ বিল, শিলসাঁকো বিল আৰু শলা বিল। এই তিনিওটা জলাশয়ৰ অস্তিত্ব বৰ্তমান সংকটত। দীপৰ বিল সম্পৰ্কে অসমবাসী ৰাইজ জ্ঞাত যদিও গুৱাহাটী মহানগৰীত থকা শিলসাঁকো আৰু শলা বিলৰ অস্তিত্বৰ বিষয়ে বহু লোক জ্ঞাত নহয়। আনকি মহানগৰীখনত বসবাস কৰা বহু লোকে নাজানে এই দুটা জলাশয়ৰ বিষয়ে।

সাধাৰণ মানুহৰ লগতে চৰকাৰৰ বাবেও এই দুটা জলাশয় একেবাৰে গুৰুত্বহীন। প্ৰতিবছৰে পৰিৱেশ দিৱসৰ দিনা কেইটামান গছ পুলি ৰোপন কৰি পৰিৱেশ দিৱস উদযাপন কৰা বহু লোকৰ শিলসাঁকো বিল আৰু শলা বিল বৰ্তমান কি অৱস্থাত আছে ইয়াকলৈ চিন্তা কৰাৰ সময় নাই। এইবাৰ যিহেতু ‘পৰিৱেশ তন্ত্ৰ’ৰ পুনৰুদ্ধাৰৰ বিষয়বস্তুক প্ৰাধান্য দি পৰিৱেশ দিৱস উদযাপন কৰা হৈছে আৰু ‘পৰিৱেশ তন্ত্ৰ’ৰ গুৰুত্বপূৰ্ণ অংগ হিচাপে মহানগৰীৰ জলাশয় সমূহৰ সংৰক্ষণ কিমান প্ৰয়োজন এই সম্পৰ্কে ইষ্ট ম’জ অসমৰ এক বিশেষ প্ৰতিবেদন।

মহানগৰী গুৱাহাটীত থকা জলাশয় সমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে সময়ে সময়ে বহু আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হয় যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু এই আঁচনি সমূহে চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়ে। জলাশয় সমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নথকাৰ ফলতে মহানগৰীৰ দুটাকৈ জলাশয় ধ্বংস হোৱাৰ উপক্রম হৈছে৷ বেদখলকাৰীৰ কবলত পৰি ইতিমধ্যেই সম্পূৰ্ণৰূপে ধ্বংস হৈছে শিলসাঁকো আৰু শলা বিল।
মেটেকা আৰু আৱর্জনাৰে ভৰি পৰি আছে এই জলাশয় দুটা।

দীৰ্ঘদিন ধৰি বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ লগত জড়িত অসমৰ এগৰাকী কৰ্মী মুবিনা আখটাৰে জলাশয় সমূহৰ সংৰক্ষণকলৈ কয় “এইবাৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘পৰিৱেশ তন্ত্ৰ’ৰ পুনৰুদ্ধাৰ, কিন্ত এই বিষয়বস্তুক প্ৰাধান্য দি পৰিৱেশ দিৱস উদযাপন কৰাত বহু দেৰি হৈছে। বছৰৰ এটা দিন এই বিষয় বস্তু সম্পৰ্কে কাম কৰাৰ পৰিবৰ্তে আমি যদি প্ৰতিটো দিনে আৰু প্ৰতিটো ঘণ্টা ‘পৰিৱেশ তন্ত্ৰ’ পুনৰুদ্ধাৰ বাবে কাম কৰিলেও ইতিমধ্যে আমি যিখিনি ক্ষতি কৰিলোঁ ইয়াৰ ক্ষতিপূৰণ কৰাটো সম্ভৱ নহয়। মানৱ জাতিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে পৰিৱেশৰ ওপৰত চলোৱা অত্যাচাৰৰ ক্ষতিপূৰণ কেইটামান গছ পুলি ৰোপন কৰিলে নহ’ব।”

চৰকাৰে জলাশয় সমূহক এনে পৰি থকা ভূমি হিচাপে ভাবে আৰু ইয়াৰ ফলতে চৰকাৰে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানক জলাশয়ৰ ভূমি আবন্টন দিয়ে। চৰকাৰে আবন্টন দিয়া ভূমি পৰৱৰ্তী সময়ত উচ্ছেদ কৰাটো কঠিন হৈ পৰে বুলিও মন্তব্য প্ৰকাশ কৰে মুবিনা আখটাৰে। জলাশয় সমূহ জীৱকুলৰ বাবে অতিকৈ প্ৰয়োজনীয় ‘পৰিৱেশ তন্ত্ৰ’ গতিকে বৰ্তমান যি কেইখন জলাশয় সংৰক্ষিত হৈ আছে সেই সমূহ জলাশয় ৰক্ষা কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে মুবিনা আখটাৰে।

দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ছাইট হিচাপে স্বীকৃত লাভ কৰাৰ বাবে এই বিলখনক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে তেনে গুৰুত্ব শিলসাঁকো আৰু শলা বিলৰ ক্ষেত্ৰত দেখিবলৈ নোপোৱাৰ ফলত এই জলাশয় দুটা ইতিমধ্যে নিঃশেষ হোৱাৰ পথত। ইতিমধ্যে শিলসাঁকো বিলৰ অস্তিত্ব সম্পূৰ্ণৰূপে নিঃশেষ হোৱা বুলি কলেও ভুল নহ’ব যদিও শলা বিলৰ ৰক্ষা কৰাৰ বাবে আজি পৰিৱেশ দিৱসৰ দিনাই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ পৰা শলা বিল সংৰক্ষণ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে আগুৱাই আহিছে ‘ইনচাইড আউত’ নামৰ এক সন্থা। কেইবাগৰাকী মান পৰিৱেশ প্ৰেমী যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা এই সন্থাই বিভিন্ন প্ৰজাতিৰ পক্ষী বিচনস্থলী শলা বিল সংৰক্ষণ বাবে সাধাৰন ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে চৰকাৰক এই বিলখন সংৰক্ষণ কৰাৰ দাবী জনাব।

লগতে পঢ়ক : সেউজ সেনাপতিক সাক্ষাৎ মুখ্য মন্ত্ৰীৰ; নিজৰ পচন্দৰ চিকিৎসালয়ত কাম কৰিব পাৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply