২২ মাৰ্চত অনুষ্ঠিত হোৱা কেবিনেট সভাত চৰকাৰে গ্ৰহন কৰিছে কেইবাটাও নতুন সিদ্ধান্ত।
মুখ্যমন্ত্ৰী হিমম্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিয়া মতে এই মন্ত্ৰী সভাৰ বৈঠকত শক্তি খণ্ড, চাহ বাগিচাত শিক্ষক নিযুক্তি, মাটি পৰিশোধৰ বাবে পুঁজি গঠন, পৌৰসভা এলেকাত ভুমি বন্দোবস্তৰ সমস্যা আদি সম্পৰ্কীয় কেইবাটাও সিদ্ধান্ত গ্ৰহন কৰে।
কেবিনেট বৈঠকত লোৱা মুল সিদ্ধান্ত সমুহ হৈছে-
চাহ বাগিচা অঞ্চলত শিক্ষা খণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৮১৯ টা শিক্ষক পদ সৃষ্টিত অনুমোদন।
৪১৯ খন চাহ বাগিচা পৰিচালিত নিম্ন প্ৰাথমিক বিদ্যালয়।
২ খন চাহ বাগিচা পৰিচালিত মধ্য ইংৰাজী বিদ্যালয় স্হাপন।
১ খন চাহ বাগিচা পৰিচালিত হাইস্কুল।
গ্ৰাম্য আন্ত:গাঠনি প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ৪৪১.৮৬ কোটি টকাৰ আৰ আই ডি এফ ঋণ সংগ্রহত অনুমোদন।
ইয়াৰ প্ৰকল্প সমূহ হৈছে ১৭খন জিলাত ২৪ গ্ৰাম্য পথ সহ মথাউৰি নিৰ্মান।
২৯খন জিলাত ৬৬টা ক্ষুদ্র জলসিঞ্চন প্ৰকল্প।
২০ খন জিলাৰ ১০০ খন চাহ বাগিচাত বিদ্যালয় নিৰ্মাণ। ঋণ পৰিশোধৰ বাবে পুঁজি সংগ্ৰহৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫০ কোটি মাহিলি বৰঙণিৰে অসম আন্ত:গাঠনি বিত্তীয় প্ৰাধিকৰণৰ পুঁজি গঠন।