ভাৰতত ক’ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে ক’ভিডত আক্ৰান্ত লোকসকলৰ মাজত ‘ব্লেক ফাংগাছ’ বা মিউকৰ্মাইকোচিছৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
মহাৰাষ্ট্ৰত ৫২ গৰাকী লোকৰ ব্লেক ফাংগাছৰ ফলত মৃত্যু হোৱাৰ লগতে ৰাজধানী দিল্লীকে ধৰি দেশৰ বহু ৰাজ্যত ব্লেক ফাংগাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজস্থানৰ চৰকাৰে ইতিমধ্যে ব্লেক ফাংগাছৰ সংক্ৰমণক মহামাৰী হিচাবে ঘোষণা কৰিছে। ৰাজ্যখনত ১০০ গৰাকীতকৈ অধিক ৰোগী উক্ত সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈছে।
আনহাতে বুধাবাৰে গুৱাহাটীটো ব্লেক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। অসমৰ ক্ষেত্ৰত ব্লেক ভাইৰাছৰ এইটোৱে প্ৰথমটো কেচ।
কি হয় ব্লেক ভাইৰাছ বা মিউকৰ্মাইকোচিছ?
চিকিৎসকৰ মতে মিউকৰ্মাইকোচিছ হৈছে ‘মিউকৰ্মাইচেট’ নামৰ ম’ল্ডৰ এটা গোটৰ দ্বাৰা হোৱা এক গুৰুতৰ কিন্তু বিৰল ভেঁকুৰৰ সংক্ৰমণ। ‘মিউকৰ্মাইচেট’বোৰ সকলো পৰিৱেশত বাস কৰে।
ইয়াৰ দ্বাৰা শৰীৰৰ কোন বিলাক অংগ আক্ৰান্ত হয়?
ই সেই স্থানবোৰ প্ৰভাৱিত কৰিব পাৰে য’ৰ পৰা ইয়াক উশাহত ল’ব পাৰি যেনে নাক, চাইনাছ, হাওঁফাওঁ আদি। যদি ই ঘাঁ বা ছালৰ জৰিয়তে প্ৰৱেশ কৰে, তেনেহ’লে ই সেই ঠাই বিলাকত সংক্ৰমণ সৃষ্টি কৰিব পাৰে, কিন্তু যদি ই চাইনাছেৰে প্ৰৱেশ কৰে, ই চকু আৰু মগজুক প্ৰভাৱিত কৰিব পাৰে।
এই সংক্ৰমণৰ ফলত ৰোগীসকলে দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ উপৰিও নাক আৰু হনু বিকৃত হৈ পৰে বুলি তেওঁ কয়।
ডায়েবেটিছৰ দুৰ্বল নিয়ন্ত্ৰণ হৈছে ইয়াৰ বৰ্ধিত সংখ্যাৰ আটাইতকৈ ডাঙৰ কাৰণ, বিশেষকৈ কোভিডৰ পিছত। লগতে, immunocompromised প্ৰণালী থকা ৰোগী বা যিসকলে ট্ৰাঞ্চপ্লাণ্ট কৰাইছে, তেওঁলোক immunosuppressantত আছে, বা দীঘলীয়া সময়ৰ বাবে ভেণ্টিলেটৰত থকাসকলকৰ বিপদাশংকা অধিক।
লগতে পঢ়ক : ৰাজ্যত ধৰ্ষণৰ বলি কিশোৰী; ‘জীয়াই থকা আশা হেৰোৱাই’ আত্মহত্যা ভুক্তভোগীৰ, অধ্যাপকক গ্ৰেপ্তাৰ
প্ৰতিৰোধৰ উপায়
ব্লেক ফাংগাছ প্ৰতিৰোধ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হৈছে বাহিৰলৈ যাওঁতে মাস্ক পিন্ধা। বিশেষকৈ ধূলিময় এলেকা বা পচা আৱৰ্জনা আদি থকা ঠাইত। আপোনাৰ ছালখন মুকলিকৈ নাৰাখিব।
ষ্টেৰইড দিয়া লোকসকলক নিৰন্তৰ নিৰীক্ষণ কৰিব লাগে আৰু চিকিৎসকৰ সৈতে আলোচনা কৰি ডোজ হ্ৰাস কৰিব লাগে।
ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ মহাসচিব ডাঃ জয়শ লেলেয়ে জনোৱা মতে চিকিৎসালয়সমূহলৈ যোগান ধৰা ঔদ্যোগিক অক্সিজেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হোৱা নাই, যাৰ ফলত এই ৰোগ বৃদ্ধি পাইছে। লগতে অক্সিজেন যোগানৰ সময়ত ব্যৱহাৰ কৰা পানীৰ পৰীক্ষা, চিলিণ্ডাৰ ছেনিটাইজ আদি কৰা হোৱা নাই বুলি তেওঁ কয়।
আনহাতে হোম আইছ’লেচনত থকা ৰোগীয়ে বিশুদ্ধ পানীৰ বিপৰীতে দমকল-পাইপৰ পানীৰ ব্যৱহাৰ কৰাটোও এই ৰোগৰ কাৰণ হিচাপে বিবেচিত হৈছে।