জি আই টেগ কি?

অসমবাসীৰ বাবে সুখৱৰ। অসমীয়াৰ স্বাভিমান তথা গৌৰৱৰ প্ৰতীক গামোচাই লাভ কৰিছে জি আই টেগ।

মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ Geographical Indication Registryয়ে প্ৰদান কৰে এই স্বীকৃতি।

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে দীৰ্ঘদিনৰ পৰা গামোচাক জি আই টেগ প্ৰদানৰ বিষয়টো উত্থাপন কৰি আহিছিল। অৱশেষত অসমীয়াৰ আৱেগ গামোচাই লাভ কৰিলে Geographical Indication Tag ।

জি আই টেগ কি?

Geographical Indication Tag হৈছে কোনো এবিধ সামগ্ৰীৰ ভৌগোলিক স্থানৰ আৰু সামগ্ৰীবিধৰ মূল স্থানৰ স্বীকৃতিৰ চিহ্ন। Geographical Indication বা ভৌগোলিক সূচক হৈছে এক নিৰ্দিষ্ট ভৌগোলিক উৎপত্তি থকা আৰু সেই উৎপত্তিৰ বাবে তাৰ গুণমানৰ বাবে ব্যৱহাৰ কৰা এক চিহ্ন।

ভাৰতত Geographical Indication Tag প্ৰদান কৰে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ Geographical Indication Registryয়ে। এই টেগে কোনো এবিধ সামগ্ৰীক সুকীয়া পৰিচয় প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply