দিনক দিনে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। দৈনিক লক্ষাধিক আক্ৰান্ত হোৱাৰ বিপৰীতে হাজাৰজনে সাবটি লৈছে মৃত্যুক?।
এনে পৰিস্থিতিত দেশত ক’ৰ’না ভাইৰাছৰ ডাবল মিউটেণ্টৰ পিছত এতিয়া ট্ৰিপল মিউটেণ্ট ধৰা পৰাৰ খবৰে সকলোকে অধিক চিন্তিত কৰি তুলিছে।
কি হয় ক’ৰ’না ভাইৰাছৰ ট্ৰিপল মিউটেণ্ট?
১. ট্ৰিপল মুটেণ্ট কি হয় তাক জানিবলৈ প্ৰথমে আমি জানিব লাগিব ক’ৰ’না ভাইৰাছৰ ডাবল মুটেণ্ট কি হয়। ক’ৰ’না ভাইৰাছৰ বৈশিষ্ট্য হৈছে যে সংক্ৰমণৰ পৰিসৰৰ বাঢ়ি গৈ থাকিলে ভাইৰাছবিধে নিজৰ ৰূপ সলাবলৈ (মিউটেশ্যন) ধৰে। গতিকে সংক্ৰমণ যিমানেই বৃদ্ধি পাই ভাইৰাছবিধ সিমানেই মিউটেট হয়। চীনত য়ুহান প্ৰদেশত আৱিস্কাৰ হোৱাৰ পৰা এই পৰ্য্যন্ত ভাইৰাছবিধ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছে। বিজ্ঞানীসকলে ব্ৰাজিল, দক্ষিণ আমেৰিকা আৰু য়ু.কেত ভাইৰাছটোৰ নতুন নতুন প্ৰকাৰ (ভেৰিয়েণ্ট) ধৰা পেলাইছে, যিসমূহক আৱিস্কাৰ হোৱা ঠাইৰ বিপৰীতে নামাকৰণ কৰা হয়।
২. ভাৰততো বিজ্ঞানীসকলে ভাইৰাছটোৰ জিন সমাৱেশৰ নক্সাৰ (genome sequencing) ওপৰত গৱেষনা চলাই আছে। ইণ্ডিয়ান এক্সপ্ৰেছত ওলোৱা এক বাতৰি মতে যোৱা বছৰৰ ১ অক্টোবৰত গৱেষকসকলে ভাৰতীয় ভেৰিয়েণ্টটো আৱিস্কাৰ কৰিছিল। ইয়াৰ বৈজ্ঞানিক নাম B.1.617, এই ভেৰিয়েণ্টৰ দুই ধৰণৰ মিউটেশ্যন আছে – L452R আৰু E484Q।
৩. মহাৰাষ্ট্ৰ, দিল্লী, চত্তিছগড় আদি ক’ভিডে আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা আটাইকেইখন ৰাজ্যতে এই মিউটেণ্টবিধৰ আধিপত্য দেখা গৈছে। কিন্তু বিজ্ঞানীসকলৰ মতে ভাইৰাছটো অধিক মিউটেট হৈছে আৰু এতিয়াৰ ইয়াৰ তিনিধৰণৰ মিউটেশ্যন আছে, সেয়ে ইয়াক ট্ৰিপল মিউটেণ্ট বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম B.1.618।
৪. ট্ৰিপল মিউটেণ্টক বৰ্তমান ক’ৰ’না ভাইৰাছৰ ‘বেংগল ষ্ট্ৰেইন’ বুলিও কোৱা হয়। নতুন দিল্লীৰ ইন্সটিটিউট অৱ জেনমিক এণ্ড ইণ্টিগ্ৰেটিভ বাইঅ’লজি (CSIR-IGIB)ৰ বিজ্ঞানী বিনোদ চেৰিয়াৰ মতে প্ৰধানকৈ পশ্চিমবংগত এই মিউটেণ্টবিধৰ প্ৰথম উপস্থিতি ধৰা পৰিছিল। ট্ৰিপল মিউটেণ্ট সম্পৰ্কে অধিক গৱেষনা হ’বলৈ বাকী আছে যদিও বিজ্ঞানীসকলৰ মতে এই মিউটেণ্ট অধিক ক্ষিপ্ৰতাৰে সংক্ৰমিত হ’ব পাৰে।