নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ”হোৱাটছএপে” এমাহৰ ভিতৰত ২০লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ কৰিছে।
নিয়ম উলংঘা কৰা বাবে কোম্পানীয়ে এই একাউণ্ট সমূহ বন্ধ কৰি দিছে।
কম্পেনীটোৱে+৯১পূৰ্ব সংখ্যাৰ জড়িয়তে ভাৰতীয় নম্বৰ চিনাক্ত কৰে। ইয়াৰে ৯৫% একাউণ্টেই বন্ধ কৰা হৈছে অনাধিকাৰ ভাৱে অট’মেটেড বা ‘বাল্ক বাৰ্তা’ প্ৰেৰণ কৰাৰ বাবে। লগতে, কোনো ব্যৱহাৰকাৰীয়ে হোৱাটছএপৰ চৰ্তাৱলী আৰু নিয়মাৱলী উলংঘা কৰে, তেন্তে তেওঁৰ একাউণ্ট বন্ধ কৰি দিয়া হয়।
কোম্পানীটোৱে কয় যে আমাৰ প্ৰধান মনোযোগ হ’ল একাউণ্টবোৰৰ পৰা অনিষ্টকাৰক বা নিবিচৰা ধৰণৰ বহুলভাৱে কৰা বাৰ্তা প্ৰেৰণ বন্ধ কৰা। বহু বেছি আৰু অগতানুগতিক হাৰত বাৰ্তা পঠোৱা এই একাউণ্টবোৰ চিনাক্ত কৰিব পৰা আমাৰ উচ্চ পৰ্য্যায়ৰ সামৰ্থ আছে আৰু কেৱল ভাৰততেই এনে ধৰণৰ কু কাৰ্য্যত লিপ্ত থকা ২০ লাখ একাউণ্ট যোৱা ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত বন্ধ কৰি দিয়া হৈছে।
হোৱাটছএপে প্ৰতিমাহে বিশ্বজুৰি গড়ে প্ৰায় ৮ নিযুত একাউণ্ট নিষ্ক্ৰিয় কৰি আছে। গুগল, কু আৰু টুইটাৰৰ দৰে অন্যান্য প্লেটফৰ্মে ইতিমধ্যে তেওঁলোকৰ অনুপালন প্ৰতিবেদন দাখিল কৰিছে।ইনষ্টাগ্ৰাম আৰু ফেচবুকেও তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে।
লগতে পঢ়কঃএইবাৰ অলিম্পিকত বিজয়ীসকলে নিজেই পিন্ধিব লাগিব মেডেল