ভাৰত চৰকাৰৰ নতুন ডিজিটেল নিয়মৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইন্সটেণ্ট মেছেজিং এপ হোৱাটছএপ (WhatsApp)। হোৱাটছএপৰ মতে কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল নিয়মে হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তাৰ অধিকাৰক খৰ্ব কৰিব।
মঙলবাৰে প্ৰতিষ্ঠানটোৱে ন্যায়ালয়ত দাখিল কৰা এখন অভিযোগত কোৱা হৈছে – নতুন নিয়মৰ অধীনত মেছেজিং প্লেটফৰ্মটোত অহা যিকোনো মেছেজ পোনপ্ৰথমে কাৰ পৰা আহিছিল সেই কথা জনাব লাগিব, যিটোৱে ভাৰতীয় সংবিধান প্ৰদত্ত গোপনীয়তাৰ অধিকাৰক খৰ্ব কৰিব।
প্ৰতিষ্ঠানটোৰ এগৰাকী মুখপাত্ৰই আদালতত ফে’চবুকৰ মালিকানাধীন কোম্পানীটোৱে দিয়া আৱেদনখনৰ কথা সদৰী কৰি উক্ত নিয়মক নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ পৰিপন্থী বুলি আদালতক ৰায় দিবলৈ অনুৰোধ জনায়।
‘মেছেজবিলাক ট্ৰেচ (trace) কৰিবলৈ বাধ্য কৰোৱা এই কাৰ্য্য হোৱাটছএপত অহা প্ৰতিটো মেছেজৰ ফিংগাৰপ্ৰিণ্ট ৰাখিবলৈ কোৱাৰ নিচিনা কথা। এনে কৰিলে এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন (end-to-end encryption) নাথাকিব আৰু ই ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ অধিকাৰ উলংঘন কৰিব।‘ মুখপাত্ৰ গৰাকীয়ে কয়।
এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন হৈছে এক বিশেষ ব্যৱস্থ্য যাৰ জৰিয়তে হোৱাটছএপত দিয়া একোটা মেছেজ (বাৰ্তা) ছেণ্ডাৰ (মেছেজ দিওঁতা) আৰু ৰিচিভাৰ (মেছেজ লাভ কৰা)ৰ বাহিৰে আনে পঢ়িব নোৱাৰে।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ বিধায়কক লৈ বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰা পঞ্জাবৰ YouTuber-ক আটক
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নতুন ডিজিটেল নিয়ম অনুসৰণ নকৰিলে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব আৰু হোটাছএপ আদি সামাজিক মাধ্যম প্লেটফ’ৰ্ম সমূহৰ বিৰুদ্ধে দেশৰ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছিল।
যোৱা ২৫ ফেব্ৰুৱাৰীত ঘোষণা কৰা নতুন নিয়ম অনুসৰি উক্ত প্লেটফ’ৰ্ম সমূহে চৰকাৰ/কৰ্তৃপক্ষই নিৰ্দেশ দিয়া ৩৬ ঘণ্টাৰ ভিতৰত একোটা প’ষ্ট প্লেটফ’ৰ্মটোৰ পৰা আঁতৰাই দিব লাগিব।
৫০ লাখতকৈ অধিক (য়ুজাৰ) ব্যৱহাৰকাৰী থকা সামাজিক মাধ্যম প্লেটফ’ৰ্মসমূহক চৰকাৰে দিয়া নিয়মাৱলী তিনি মাহৰ ভিতৰত অৰ্থাৎ ২৫ মে’ৰ আগত গ্ৰহণ কৰিবলৈ কোৱা হৈছিল।
২৫ মে’ অৰ্থাৎ মঙলবাৰে ফে’চবুক আৰু গুগলে ভাৰত চৰকাৰৰ নতুন ডিজিটেল নিয়মাৱলীৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই এই ক্ষেত্ৰত তেওঁলোকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত কাম কৰি আছে বুলি সদৰী কৰে।
ভাৰত হৈছে সামাজিক মাধ্যম প্লেটফ’ৰ্ম সমূহৰ বাবে এখন বৃহৎ বজাৰ। চৰকাৰৰ হিচাপ মতে ভাৰতত ৫৩ কোটি হোৱাছএপ ব্যৱহাৰকী, ৪১ কোটি ফে’চবুক ছাবচক্ৰাইবাৰ, ২১ কোটি ইনষ্টাগ্ৰাম ছাবচক্ৰাইবাৰ আৰু ১.৭৫ কোটি টুইটাৰ ব্যৱহাৰকীৰ আছে।