দেশত ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে হস্পিতালসমূহত নতুনকৈ আক্ৰান্তসকলৰ বাবে বিছনাৰ নাটনি ।
সেয়ে পৰিস্থিতিৰ জটিলতাৰ প্ৰতি ৰাখি চিকিৎসকসকলে, কোনো লোকৰ যদি RT-PCR পৰীক্ষাত পজিটিভ আহে তেওঁ ভয় খাব নালাগে বুলি উল্লেখ কৰি বিনা প্ৰয়োজনত হস্পিতালত ভৰ্তি নহ’বলৈ আহ্বান জনায়।
টাটা মেম’ৰিয়েল হস্পিতালৰ সঞ্চালক ডাঃ চি এছ প্ৰমেশৰ উপদেশৰ ভিত্তিত ভাৰত চৰকাৰে দিয়া এক ভিডিঅ’ বাৰ্তাত অধিক সংখ্যক ক’ভিড ৰোগীয়ে হোম আইছ’লেশ্যনত থাকিয়ে আৰোগ্য লাভ কৰে বুলি কোৱা হয়।
চিকিৎসকৰ মতে ৰোগী গৰাকীয়ে শৰীৰৰ তাপমাত্ৰা আৰু অক্সিজেনৰ স্তৰ পৰীক্ষা কৰি থাকিব লাগে।
কেতিয়া হস্পিতালত ভৰ্তি হ’ব লাগে
- যদি অক্সিমিটাৰৰ ৰিডিঙত যদি বেছলাইন ছেচুৰেশ্যন ৯৪ শতাংশতকৈ হ্ৰাস পায়।
- যদি ৬ মিনিট খোজ কঢ়াৰ আগত আৰু পাছত লোৱা ৰিডিঙত ৪ শতাংশ বা তাতকৈ অধিক পাৰ্থক্য আহে।
এনে পৰিস্থিতিত ৰোগী গৰাকীয়ে মুখখন তললৈ কৰি পেট পেলাই দীঘল দি পৰি দিব লাগে।
ইয়াৰ উপৰি দৰৱৰ ক্ষেত্ৰত, যদি ৰোগীজনৰ অক্সিজেনৰ স্তৰ ঠিকে আছে আৰু জ্বৰৰ বাহিৰে আন একো লক্ষণ নাই কেৱল তেতিয়াহে পাৰাচিতামল টেবলেট খাব লাগে বুলি কোৱা হৈছে।