নিউজ ডেস্ক : সোমবাৰে অসম-মিজোৰাম সীমান্ত সংঘটিত অগ্নিগৰ্ভ পৰিস্থিতিৰ সময়ত তাত নিয়োজিত থকা সত্ত্বেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিফল হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF) যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হৈছে।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰে বিবাদমান অসম-মিজোৰাম সীমান্তত শান্তি বৰ্তাই ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰিছিল।
সীমান্তৰ মিজোৰামৰ অংশত CRPF মোতায়েন কৰাৰ বিপৰীতে অসমৰ লাইলাপুৰত সশস্ত্ৰ সীমা বল (SSB) মোতায়েন কৰা হৈছিল।
মিজোৰামৰ তথ্য আৰু জন সংযোগ মন্ত্ৰী লালৰুৱাটকিমাই অভিযোগ কৰে যে পৰিস্থিতি অৱনতি ঘটা সত্ত্বেও কোনো এটা অৰ্ধ সামৰিক বাহিনীয়ে অসম আৰক্ষী আৰু অসমৰ সাধাৰণ লোকক মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাত বাধা প্ৰদান নকৰিলে।
‘CRPF বাহিনীয়ে অসম আৰক্ষীক মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাত বাধা দিয়া হ’লে এই ৰক্তপাত ৰোধ কৰিব পৰা গ’ল হয়,’ তেওঁ কয়।
মিজোৰামৰ ছেৰলুই সমষ্টিৰ বিধায়ক গৰাকীয়ে CRPF –এ অসম আৰক্ষীক মিজোৰামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া বুলি অভিযোগ কৰে।
ইয়াৰ পিছতে অসম আৰক্ষীয়ে মিজোৰামৰ ভাইৰেংটেত বাহৰ পাতি সাধাৰণ মিজো লোকক আক্ৰমণ কৰে বুলি তেওঁ কয়।
ভাইৰেংটেৰ গাঁও পৰিষদৰ সভাপতি গৰাকীয়েও CRPF-ক উক্ত সংঘৰ্ষৰ বাবে দোষাৰোপ কৰে। অসম আৰক্ষীয়ে CRPF কেম্প পাৰ কৰি আহি মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাৰ পিছতো CRPF-এ তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা লয় বুলি তেওঁ অভিযোগ কৰে।
শেহতীয়াকৈ, কেন্দ্ৰই মিজোৰাম চৰকাৰক CRPF কেম্পটো বৰ্তমান মিজোৰাম আৰক্ষীয়ে বাহৰ পাতি থকা ভাইকেংটেৰ সমীপৰ স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে।
অসম চৰকাৰৰ মতে মিজোৰামৰ কোলাচিব জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে অসমৰ বিষয়াৰ সৈতে আলোচনা কৰি থকাৰ সময়তে মিজো আৰক্ষীয়ে অসম আৰক্ষী আৰু অসমৰ সাধাৰণ লোকৰ ওপৰতম গুলীচালনা কৰে। প্ৰায় ৪৭ মিনিট ধৰি চলা উক্ত গুলীচালনাত অসম আৰক্ষীৰ ৫ গৰাকী জোৱানৰ মৃত্যু হোৱাৰ ওপৰি ৫০ জনতকৈ অধিক আৰক্ষীৰ লোক আহত হয়।
লগতে পঢ়ক : বাঘজান কাণ্ড : এটা বছৰৰ পিছতো অন্ত পৰা নাই বাঘজানবাসীৰ যাতনা