গুৱাহাটী- প্ৰখৰ ৰ’দে আপোনাৰ ছালৰ সমস্যা সৃষ্টি কৰিছে নেকি? ৰ’দৰ বাবে বাহিৰত ওলায় যোৱাৰো সমস্যা হৈ পৰিছে। এই ৰ’দত বাহিৰলৈ ওলায় গলেও ছাল পুৰা, কলা চামনি পৰা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই প্ৰখৰ ৰ’দত নিজৰ ছালখন কেনেকৈ সুস্থ কৰি ৰাখিব জানো আহক-

১/ মৌ –

মৌ এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে ভৰপূৰ। ই আপোনাৰ ছালখন সুস্থ কৰি ৰখাত সহায় কৰে। ঘৰতে লাভ কৰা মৌ হলে বেছি ভাল ফল দেখা যায়। মৌয়ে ছালত দেখা দিয়া সমস্যাসমূহ দূৰ কৰি ছাল পৰিষ্কাৰ কৰাত সহায় কৰে।

২/ কিৱি –

কিৱিত ভিটামিন চি পোৱা যায়। আৰু ভিটামিন চি ছালৰ বাবে বহু প্ৰয়োজনীয়। কিৱিত নিহিত এই উপাদানে ছাল উজ্জ্বল কৰি তোলে। নেমু টেঙাত থকা ভিটামিন চিৰ গুণাগুণতকৈ কিৱিত ইয়াৰ গুণাগুণৰ পৰিমাণ বেছি। কিৱিৰ ফেচ’পেকে ছাল কোমল কৰি তোলে আৰু  ছাল উজ্জ্বল হোৱাত সহায় কৰে।

৩/ তৰমুজৰ ৰস –

তৰমুজ ছালৰ বাবে বহু উপকাৰী। এই তৰমুজৰ ৰসে ছালৰ বাবে প্ৰাকৃতিক ক্লিনজাৰ হিচাপে কাম কৰে। ই ছালৰ কোষত জমা হৈ থকা ধূলি-বালি ওলিয়াই দিয়াত সহায় কৰে।

৪/ আঙুৰৰ ৰস –

আমাৰ ছালৰ বাবে আঙুৰৰ ৰসে ট’নাৰ হিচাপে কাম কৰে। আঙুৰৰ ৰসে আপোনাৰ ছাল সজীৱ কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply