ৰাজ্যৰ ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হয়৷
ছেবাই বাতিল কৰিলে ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি৷
৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব ছেবাৰ এই নিৰ্দেশনা৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৫ খন বিদ্যালয়ে৷
জানিব পৰা মতে, মেট্ৰিকত ২৯৪ খন বিদ্যালয়ৰ শূন্যৰ পৰা ১০% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল। কেইবা বছৰো ধৰি বিদ্যালয়কেইখনত মেট্ৰিকৰ উত্তীৰ্ণ হাৰ নিম্ন আছিল।
উল্লেখ্য যে, মেট্ৰিকত বেয়া প্ৰদৰ্শন কৰাৰ বাবে ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰে৷ নিম্ন প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি বাতিল কিয় কৰা নহ’ব বুলি জাননী দিছিল ছেবাই৷
আনহাতে, ছেবাৰ জাননীৰ উত্তৰ দিয়া ১৮৭ খন বিদ্যালয়ক অন্তিম সুযোগ দিছে৷ ২০২৩ৰ মেট্ৰিকৰ ফলাফল উন্নত নহ’লে ১৮৭ খন বিদ্যালয়ৰ ক্ষেত্ৰতো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷
ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদিয়া ১০৭ বিদ্যালয়ৰ স্বীকৃতি বাতিল৷