গুৱাহাটী- বৰ্তমান সমাজত খাদ্যভ্যাসৰ বাবে ব্যক্তিসমূহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয়। বিশেষকৈ বাহিৰা ৰেষ্টুৰাৰ তেলজাতীয় খাদ্য খোৱাৰ ফলত তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়। যাৰ ফলত উচ্চ ৰক্তচাপ,  ডায়েবেটিছ,  হাৰ্ট এটেকৰ ঘটনাও বৃদ্ধি পাব ধৰিছে। কি ধৰণৰ খাদ্যই তেজত ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্রাস কৰে জানো আহক-

১/ চাইটাছ ফ্রুইট-  শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা আপেল, আঙুৰ, ষ্ট্রবেৰী, কমলাৰ দৰে চাইটাছ ফল খালে হ্রাস পায়। এইবোৰ ফলত পেক্টিন নামৰ এবিধ উপাদান থাকে। যি চর্বি হ্রাস কৰাৰ উপৰি কলেষ্টেৰল নিয়ন্ত্ৰণত ব্যক্তিক সহায় কৰে।

২/  ওটছ- ওটছ কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে অতি উপকাৰী হয়। ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। যি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে।

৩/ মাহজাতীয় পাচলি-  বিন জাতীয় পাচলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। লগতে মাহজাতীয় পাচলি খালে ই সহজতে হজম হয়। এনে ধৰণৰ পাচলিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৪/ চয়াবিন- চয়াবিনেও কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত ব্যক্তিক সহায় কৰে। নিতৌ ২৫গ্ৰাম চয়াবিন খালে এলডিএল ৫ পৰা ৩ শতাংশ পর্যন্ত হ্রাস পায়। শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ হলে চয়াবিন আপোনাৰ খাদ্যৰ তালিকাত অন্তভূক্ত কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply