আজিৰ এই যান্ত্ৰিকতাৰ সময়ত যুৱ চামৰ বিভিন্ন সমস্যা যেন কেতিয়াও ওৰ নপৰে। সদায় যেন তেওঁলোকৰ বাবে প্ৰয়োজন হয় এক ধনাত্মক চিন্তাধাৰাৰ আলোচনা। তাৰেই ধনাত্মক চিন্তাধাৰাৰে গুৱাহাটীৰ এগৰাকী ১৪ বছৰীয়া শিশুয়ে ৰিয়না বৰুৱাই লিখি উলিয়াইছে নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিবলৈ এখন WHITE নামৰ কবিতা পুথি।
WHITE কবিতাপুথিখনত বিশেষকৈ বৰ্তমানৰ যুৱ প্ৰজন্মই সন্মুখীন হোৱা বিভান্ন সমস্যা যেনে ভয়, সংকোচ, মানসিক অৱসাদ, আত্মকেন্দ্ৰিকতা আদি বিষয় সামৰি লোৱা হৈছে।
উল্লেখ্য যে WHITE শীৰ্ষক কবিতা পুথিখন দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ ALUMNI ভৱনত উন্মোচন হয়। কবিতা পুথিখনৰ উন্মোচনৰ সময়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰখ্যাত মনোবিজ্ঞানী লয়া আগৰৱালা, অতিথি হিচাপে থাকে লেখিকা তিনাত আতিফা মাছুদ, লেখক নিলোৎপল গোহাঁই আৰু শিক্ষক শ্বেখ সাবাহ আহমেদ।
বৰ্তমান কবিতা পুথিখন গুৱাহাটীত হৈ থকা অসম গ্ৰন্থ মেলাৰ উইচেন মংক নামৰ বিপনীখনত সকলোৰে বাবে মুকলি কৰি দিছে।